নিউজ ডেস্ক : নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে দায়িত্বত থকা SI জোনমণি ৰাভাই মঙলবাৰে জখলাবন্ধাত এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ সন্মুখীন হৈ কৰুণ মৃত্যু সাৱতি লগীয়া হয়। জোনমণি ৰাভাৰ দুৰ্ঘটনাত মৃত্যু হোৱাৰ খবৰে ৰাজ্যজুৰি লাভ কৰিছিল বিশেষ চৰ্চা । সমান্তৰালভাৱে এই মৃত্যুক লৈ ভিন্ন প্ৰশ্নৰ উদয় হোৱাও পৰিলক্ষিত হৈছে। এয়া আত্মহনন নে হত্যাকাণ্ড সেই সন্দৰ্ভতো উঠিছিল প্ৰশ্ন।

ইয়াৰ পাছতে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে যোৱাকালি টুইটযোগে জনাই যে জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ তদন্ত কৰিবলৈ ‘চি আই ডি’ক দায়িত্ব অৰ্পণ কৰা হৈছে।

সঞ্চালক প্ৰধানগৰাকীয়ে টুইটত উল্লেখ কৰে, ১৫ মে’ত উত্তৰ লখিমপুৰ আৰক্ষী থানাত এখন এজাহাৰ (FIR Nu ০১৮৩ / ২০২৩) মৰ্মে ভাৰতীয় দণ্ডবিধিৰ u/s ১২০ B, ৩৯৫, ৩৯৭, ৩৪২,৩৮৭ ধাৰাত গোচৰ পঞ্জীয়ন কৰা হৈছিল, য’ত অভিযুক্তৰূপে জোনমণি ৰাভাৰ নাম উল্লেখ আছিল । ইয়াৰ অধীনত লখিমপুৰ আৰু নগাঁও আৰক্ষীয়ে আইনগত ব্যৱস্থা গ্ৰহণ কৰে । কিন্তু ইয়াৰ মাজতে ১৬ মে’ৰ পুৱাৰ ভাগত এছ আই জোনমণি ৰাভাৰ পথ দুৰ্ঘটনাত মৃত্যু হোৱাৰ তথ্য লাভ কৰা হয়। সমাজৰ বিভিন্ন শ্ৰেণীৰ পৰা উচিত তদন্তৰ দাবী জনোৱাৰ পৰিপ্ৰেক্ষিতত FIR Nu ০১৮৩/২০২৩ আৰু উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত চি আই ডি অসমলৈ হস্তান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply