নিউজ ডেস্কঃ মহানগৰী গুৱাহাটীত চলি থকা পথ খনন কাৰ্য বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে প্ৰশাসনে। শুক্ৰবাৰে কামৰূপ(মহানগৰ) জিলা উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষ পল্লব গোপাল ঝায়ে গুৱাহাটীত বিভিন্ন কামৰ বাবে পথ খননৰ লগত জড়িত বিভাগ আৰু প্ৰতিষ্ঠানসমূহলৈ তাৎক্ষণিকভাৱে বন্ধ পথ খনন কাৰ্য নিৰ্দেশ প্ৰদান কৰে।
লগতে, খান্দি থোৱা স্থানত বেৰ দিয়া, সকলোৱে দেখাকৈ চিহ্ন দিয়া আদি উপযুক্ত সুৰক্ষাজনিত ব্যৱস্থা কৰি ২৪ ঘন্টাৰ ভিতৰত তাৰ প্ৰতিবেদন ফটোসহ জিলা উপায়ুক্তৰ ওচৰত জমা দিলেহে খনন কাৰ্য পুনৰ আৰম্ভ কৰাৰ অনুমতি দিয়া হ’ব বুলি জাননীৰ জৰিয়তে জানিবলৈ দিছে।
উল্লেখ্য যে, বৃহস্পতিবাৰে এগৰাকী স্কুলীয়া শিক্ষাৰ্থী পুৱা বিদ্যালয়লৈ যোৱাৰ সময়ত খান্দি থৈ দিয়া পথৰ বাবে কৰুণ মৃত্যুক সাৱতি লগীয়া হয়। তাৰ পিছতেই গুৱাহাটীৰ বাসিন্দা সকলে বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া কৰিবলৈ আৰম্ভ কৰে। যাৰ বাবে আজি কামৰূপ জিলা প্ৰশাসনে এই খনন কাৰ্য বন্ধ কৰাবলৈ বাধ্য হৈ পৰে।
