নিউজ ডেস্ক: আজি দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত “অধিনায়ক সন্মিলন” আয়োজন কৰা হয়। উক্ত সন্মিলনখনত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। তেওঁৰ লগতে আৰক্ষীৰ সঞ্চালক প্রধান জি পি সিং উপস্থিত থাকে।
সন্মিলনখনত মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা আৰক্ষী জোৱানক সম্বৰ্ধনা জ্ঞাপন কৰে।
সন্মিলনখনত মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ পাছতে মহাবিদ্যালয়ৰ পেৰেড গ্ৰাউণ্ডত এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে পেৰেড গ্ৰাউণ্ডত অসম আৰক্ষীৰ জোৱানসকলৰ অভিবাদন গ্ৰহণ কৰাৰ পাছতে জোৱানসকলৰ দু:সাহসিক ক্ৰীড়া আৰু অন্যান্য অস্ত্র চালনাৰ মুহুৰ্ত প্ৰত্যক্ষ কৰে। ইয়াৰ সৈতে সংগতি ৰাখি মটৰচাইকেলৰ দুঃসাহসিক ক্ৰীড়াৰো আয়োজন কৰা হয়।
২০২০-২১ বৰ্ষৰ গৃহ বিভাগৰ দায়িত্বত থকা অসম আৰক্ষীৰ প্ৰশিক্ষণত বিশেষভাৱে পাৰদৰ্শিতা প্ৰদৰ্শন কৰা আৰক্ষী জোৱানসকলক কেন্দ্ৰীয়ভাৱে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন ৰাজ্যিক আৰু অন্যান্য বিশেষ বঁটা প্ৰদান কৰে।
এই কাৰ্যসূচীৰ পিচতেই অসম আৰক্ষীৰ বিশেষ কক্ষত অনুষ্ঠিত অধিনায়কসকলৰ সন্মিলনত আৰক্ষী বাহিনীসমূহৰ অধিনায়কসকলৰ সৈতে মুখ্যমন্ত্ৰীয়ে অংশগ্রহণ কৰে। উক্ত সন্মিলনত মুখ্যমন্ত্ৰীয়ে অধিনায়কসকলক বিভিন্ন বিষয়ক লৈ তেওঁলোকৰ পৰা মতামত গ্ৰহণ কৰাৰ লগতে বিভিন্ন বিষয় সম্পর্কে আলোচনা মিলিত হয় । লগতে আৰক্ষী জোৱানসকলক ৰাজ্যৰ বিশেষ প্ৰেক্ষাপটৰ লগত আগৱাঢ়ি যোৱাৰ বিভিন্ন কৌশল অধিনায়ক সকলক গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পৰামৰ্শও আগবঢ়ায়।