নিউজ ডেস্ক: পূৰ্বে ঘোষণা কৰাৰ দৰেই মুখ্যমন্ত্ৰীয়ে আজি মন্ত্ৰীসভাৰ সদস্য আৰু একাংশ বিধায়কৰ সৈতে গুৱাহাটীৰ পি ভি আৰ (PVR) চিনেমা হলত বহু চৰ্চিত আৰু বিতৰ্কিত “দ্যা কেৰেলা ষ্ট’ৰী” ছবিখন উপভোগ কৰে। পশ্চিমবংগ আৰু তামিলনাডু এই দুখনকৈ ৰাজ্যত নিষিদ্ধ কৰা চিনেমাখন চাই মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ ৰাইজক চলচ্চিত্ৰখন পৰিয়ালৰ সৈতে চাবলৈ বিশেষকৈ সকলোকে নিজ কন্যাৰ সৈতে ছবিখন চাবলৈ আহ্বান জনায়।

ছবিখন উপভোগ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, দ্যা কেৰালা ষ্ট’ৰী ছবিখন চাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “সঁচাকৈ এখন অতি দুখ লগা চিনেমা, য’ত সচাঁ কাহিনী কেইটামানক বিশেষকৈ মানুহৰ বা আমাৰ কেৰালাৰ ছোৱালীসকলৰ কেইগৰাকী মানৰ জীৱনৰ সঁচা কৰুণ কাহিনী চিনেমাৰ জৰিয়তে দৰ্শকৰ আগলৈ লৈ অহা হৈছে। কেনেকৈ সাধাৰণ ছোৱালীক সন্ত্ৰাসবাদে মানৱ বোমা হিচাপে ব্যৱহাৰ কৰে, কি ধৰণে ড্ৰাগছ আদি অবাধ প্ৰচলনৰ মাজেৰে মানুহৰ ব্ৰইনৱাছ কৰা হয় আৰু এটা সাধাৰণ জীৱনৰ পৰা কত্তৰ জীৱনলৈকে ৰূপান্তৰ কৰা হয় আৰু শেষত কেনেকৈ একো একোজনীৰ ছোৱালীৰ জীৱন ধ্বংস হৈ যায় তাৰ সঁচা কাহিনী আজি আমি কৰেলা ষ্ট’ৰীত বিভিন্ন জন চৰিত্ৰৰ মাজেদি চাবলৈ পালোঁ।

“মই অসমৰ ৰাইজক অনুৰোধ কৰিম আপোনালোকে পৰিয়াৰলৈ সৈতে বিশেষকৈ কন্যা সন্তানৰ সৈতে আপোনালোকে যেন “দ্যা কেৰালা ষ্ট’ৰী” ছবিখন চাই।”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply