নিউজ ডেস্ক: সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ জালুকবাৰীত সংঘটিত হোৱা পথ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে।
দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই দুৰ্ঘটনাটোত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৭ জন ছাত্ৰৰ মৃত্যু হৈছে । এয়া অতি দুঃখজনক ঘটনা । ঘটনাটোৰ বাবে মই দুখ প্ৰকাশ কৰিছো । দুৰ্ঘটনাটোত আহত কেইজন বৰ্তমান সংকটমুক্ত।”
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়,” যিসকল ল’ৰা-ছোৱালী গুৱাহাটীত আহি পঢ়ি আছে তেওঁলোকৰ মা- দেউতাকক মই অনুৰোধ কৰো যাতে অভিভাৱকসকলে তেওঁলোকৰ ল’ৰা ছোৱালীক অলপ চকু দিয়ে । সদায় যোগাযোগ ৰাখে কি কৰি আছে। লগতে মই অসম অভিযান্ত্রিক মহাবিদ্যালয়ৰ কৰ্তৃপক্ষক ক’ম যাতে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই অলপ ছাত্র ছাত্রীক চকু দিয়ে ।” তেওঁ কয়,” ঘটনাটো অতি দুঃখজনক। সকলো কথা স্পষ্ট যদিও আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰিব।”
উল্লেখ্য় যে দেওবাৰে নিশা জালুকবাৰীত এক শোকাৱহ পত দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটিত থিতাতে নিহত হয় অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৭ জনকৈ ছাত্ৰ আনহাতে আহত হয় চাৰিজনকৈ লোক। আহত কেইগৰাকী বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। স্কৰপিঅ’ বাহনত যাত্ৰা কৰি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত সংঘটিত হয় পথ দুৰ্ঘটনাটো।