নিউজ ডেস্ক: উৰিষ্যাৰ মৰ্মান্তিক দুৰ্ঘটনাৰ পাছত ক’ৰ’মণ্ডল এক্সপ্ৰেছে পুনৰ সেৱা আৰম্ভ কৰিবলৈ আগবাঢ়িছে। ২৭৫ জন লোকৰ প্ৰাণ কাঢ়ি নিয়া আৰু ১০০০ৰো অধিক লোক আহত হোৱা উৰিষ্যাৰ মৰ্মান্তিক ৰে’ল দুৰ্ঘটনাৰ পিছত বুধবাৰৰ পৰা পুনৰ সেৱা আৰম্ভ কৰিবলৈ আগবাঢ়িছে ক’ৰ’মণ্ডল এক্সপ্ৰেছে । এই কথা ৰে’লৱেৰ মুখ্য জন সম্পৰ্কৰক্ষী বিষয়া আদিত্য কুমাৰ চৌধুৰীয়ে কয় ।

উল্লেখ্য যে ২ জুনত বালাছোৰৰ বাহানাগা ৰে’ল ষ্টেচনৰ ওচৰত শালিমাৰ-চেন্নাই ক’ৰ’মণ্ডেল এক্সপ্ৰেছে এখন ৰখি থকা মালবাহী ৰে’লৰ সৈতে হোৱা সংঘৰ্ষৰ ফলত কেইবাটাও ডবা লাইনচ্যুত হয়। যাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। বাহানাগা ৰে’ল ষ্টেচনৰ ওচৰত ক’ৰ’মণ্ডল এক্সপ্ৰেছৰ প্ৰায় ১০-১২ টা ডবা লাইনচ্যুত হৈ অন্য এটা ট্ৰেকত পৰি যায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply