নিউজ ডেস্ক: দুদিনীয়া কাৰ্যসূচীৰে কটন বিশ্ববিদ্যালয়ত শুক্ৰবাৰৰ পৰা অনুষ্ঠিত হৈছে “দ্যা কটন কনক্লেভ ২০২৩”। কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উক্ত অনুষ্ঠানটো উদ্বোধন কৰে। শিক্ষাৰ্থীক উদ্দেশ্যি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে। একালত কটনত পঢ়াৰ ইচ্ছা থকা বুলিও উল্লেখ কৰে সৰ্বানন্দ সোণোৱালে।

তেওঁ কয়, “আজি এই কটন বিশ্ববিদ্যালয়ত আপোনালোকে অধ্যয়ন কৰা এটা সোণালী সুযোগ লাভ কৰিছে। মইয়ো একালত ভাবিছিলোঁ কটনত অধ্যয়ন কৰিম বুলি, কিন্তু সম্ভৱ হৈ নুঠিল। মোৰ ভাগ্য উদয় নহ’ল। যিয়ে নহওক আপোনালোক সৌভাগ্যবান। এইয়া আপোনালোক মাতৃ-পিতৃৰ ওচৰত চিৰ কৃতজ্ঞ হোৱা উচিত”।
কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে শিৰ্ক্ষাৰ্থী সকলক লগতে আহ্বান কৰি কয় যে, বৌদ্ধিক, শৈক্ষিক, সাংস্কৃতিক প্ৰাণকেন্দ্ৰ কটন বিশ্ববিদ্যালয়ৰ গৌৰৱধ্বজা বহন কৰি ছাত্ৰ সমাজে তেওঁলোকৰ এই সোণালী সময়ৰ সদ্ব্যৱহাৰৰদ্বাৰা দেশ তথা জাতিক সমৃদ্ধ আৰু আত্মনিৰ্ভৰ কৰাৰ বাবে অৰিহণা যোগাব লাগিব এই অমৃতকালত।

লগতে পঢ়ক – Live: জোনমণি ৰাভাৰ মৃত্যুৰ আদ্যোপান্ত
বিশ্বক অন্বেষণ কৰাৰ সমান্তৰালভাৱে আমি আমাৰ মাতৃভূমিক অন্বেষণ কৰিব লাগিব। আমাৰ মাতৃভূমিৰ বুকুত থকা শক্তি, সম্পদ-সম্ভাৱনাক আৱিষ্কাৰ কৰিবলৈ হ’লে গভীৰ অধ্যয়ন আৰু পুংখানুপুংখ গৱেষণাৰ আশ্ৰয় ল’ব লাগিব, কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয়।
উক্ত উদ্বোধনী অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকা, অধ্যাপক গণেশ চন্দ্ৰ ৱেৰী, পঞ্জীয়ক অধ্যাপক দিগন্ত কুমাৰ দাস প্ৰমুখ্যে আন অধ্যাপক-অধ্যাপিকাসকল আৰু কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকল আমাৰ লগতে উপস্থিত থাকে।
লগতে পঢ়ক – মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি ২০২১ৰ তৃতীয় পৰ্যায়ৰ আৰম্ভণিৰ বাবে অনুমোদন