নিউজ ডেস্ক: গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ বিভিন্ন অংশকালীন সাময়িক ভিত্তিক পদৰ বাবে প্ৰথম পৰ্যায়ৰ পৰীক্ষা অহা ২৬ মে’ৰ পৰা অনুষ্ঠিত হ’ব।
সম্পাদনা সহযোগী পদৰ বাবে ২৬ মে’ত, বাতৰি প্রতিবেদকৰ বাবে ২৭ মে’ত, ৱেবছাইট এছিছটেণ্টৰ বাবে ২৮ মে’ত, ভিডিঅ’ এডিটৰৰ বাবে ২৯ মে’ত, চি জি অপাৰ্টেৰ বাবে ৩০ মে’ত, ষ্টেন’গ্ৰাফাৰৰ বাবে ৩১ মে’ত আৰু বাতৰি পৰিবেশকৰ বাবে অহা ১, ২ আৰু, ৩ জুন তাৰিখে পৰীক্ষা অনুষ্ঠিত হ’ব।
পৰীক্ষাসমূহ গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা পথত অৱস্থিত কেন্দ্ৰৰ কাৰ্যালয়ত অনুষ্ঠিত হ’ব। প্ৰাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰত নিজা নিজা ফটোযুক্ত বৈধ পৰিচয় পত্ৰ দেখুৱাব লাগিব।
উল্লেখযোগ্য যে যোৱা ২০ ডিচেম্বৰত প্ৰকাশিত বিজ্ঞাপনৰ ভিত্তিত যিসকল প্রার্থীয়ে এই পদসমূহৰ বাবে আবেদন কৰিছিল তাৰ মাজৰ পৰা প্ৰথম পৰ্যায়ৰ পৰীক্ষাৰ বাবে নিৰ্বাচিত প্রার্থীৰ তালিকা ইতিমধ্যে প্ৰচাৰ ভাৰতীৰ ৱেবছাইট যোগে প্ৰকাশ কৰা হৈছে।