নিউজ ডেস্ক: অসম স্বাস্থ্য সেৱা সঞ্চালকালয়, অসম স্বাস্থ্য সেৱা সঞ্চালকালয় (FW), অসম চিকিৎসা শিক্ষা সঞ্চালকালয়, আৰু আয়ুষ সঞ্চালকালয়ৰ প্ৰতিষ্ঠানৰ অধীনত অনুষ্ঠিত হোৱা চতুৰ্থ বৰ্গৰ পদৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীৰ তালিকা আজি ঘোষণা হ’ব।
২০২৩ চনৰ ২২ জানুৱাৰীত অনুষ্ঠিত হোৱা এই পৰীক্ষাত ১১৯২টা পদ খালী হৈছিল। এই পৰীক্ষাৰ ফলাফল http://dhs.assam.gov.in, http://dme.assam.gov.in, http://ayush.assam.gov.in, আৰু http://dhsfw.assam ত উপলব্ধ হ’ব।
ইয়াৰ পিছত দক্ষতা পৰীক্ষা আৰু দস্তাবেজ প্ৰমাণীকৰণত অৱতীৰ্ণ হোৱাৰ সময় আৰু স্থান আৰু অন্যান্য নিৰ্দেশনা, দাখিল কৰিব লগা নথিপত্ৰৰ তালিকাসহ জাননীখনত দিয়া হ’ব। প্ৰাৰ্থীসকলক দক্ষতা পৰীক্ষা আৰু দস্তাবেজ প্ৰমাণীকৰণ প্ৰক্ৰিয়াত অৱতীৰ্ণ হোৱাৰ সময়ত সকলো প্ৰাসংগিক নথিপত্ৰ আৰু দাখিল কৰিবলগা ফটোকপিৰ এটা ছেট আনিবলৈ নিৰ্দেশ দিয়া হৈছে।