দীৰ্ঘদিনীয়া বিৰতিৰ পিছত মুকলি কৰি দিয়া হ’ল কেদাৰনাথ ধামৰ দুৱাৰ। উখিমথৰ ওমকাৰেশ্বৰ মন্দিৰৰ পুৰোহিতসকলে পঞ্চাং অনুসৰি কেদাৰনাথ মন্দিৰ মুকলিৰ তাৰিখ আৰু সময় নিৰ্ধাৰণ কৰে। তাৰ পৰিপ্ৰেক্ষিতত আজি পুৱা ৬:৩০ বজাত বিশেষ পূজাৰ জৰিয়তে পবিত্ৰ মন্দিৰৰ দুৱাৰ মুকলি কৰা হৈছে।
শ্লোক আৰু ঢাক-ঢোলৰ স্পন্দনৰ মাজতে মঙলবাৰে পুৱা তীৰ্থযাত্ৰীসকলৰ বাবে কেদাৰনাথ ধামৰ দুৱাৰ মুকলি কৰা হয়। মুকলিৰ পূৰ্বে ২০ কুইণ্টল ফুলেৰে ভগৱান শিৱৰ বাসগৃহ সজাই তোলা হয়।
কিন্তু প্ৰতিকুল বতৰৰ বাবে বৰ্তমান উত্তৰাখণ্ডৰ ৰাজ্য চৰকাৰে কেদাৰনাথ যাত্ৰাৰ বাবে তীৰ্থযাত্ৰীৰ পঞ্জীয়নৰ আৱেদন গ্ৰহণৰ প্ৰক্ৰিয়া বন্ধ কৰি দিছে। কিয়নো ভাৰতীয় বতৰ বিজ্ঞান বিভাগে তীৰ্থযাত্ৰীৰ বাবে কেদাৰনাথ ধামলৈ যোৱা পথত প্ৰচণ্ড বৰফ পৰাৰ সতৰ্কবাণী জাৰি কৰিছে।