নিউজ ডেস্ক: শীঘ্ৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত চলিব বৃহৎ উচ্ছেদ অভিযান। বেদখলমুক্ত হ’ব ওৰাঙৰ ২১ হাজাৰ বিঘা ভুমি । মুখ্যমন্ত্ৰীৰ উচ্চ পৰ্যায়ৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহন কৰা হয়।

দৰং জিলা প্ৰশাসনে এই সন্দৰ্ভত জাৰি কৰিছে এক জাননী। জিলা প্ৰশাসনে জনোৱা অনুসৰি ২৯ মে’ৰ পৰা ৩১ মে’লৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ অন্তৰ্গত ১২ খন সৰু-বৰ চৰত চলিব প্ৰশাসনৰ বুলড’জাৰ।

এই জাননী লাভ কৰাৰ পাছতে উচ্ছেদ অভিযান চলাবলগীয়া অঞ্চলৰ লোকসকলে তেওঁলোকৰ সা-সামগ্ৰী স্থানান্তৰ কৰিবৰ বাবে প্ৰশাসনক নাৱৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছে। এই অনুৰোধ ৰক্ষা কৰি জিলা প্ৰশাসনে ১০ খন নাৱৰ ব্যৱস্থা কৰিছে বুলি জনাইছে।

উচ্ছেদ সম্পৰ্কত দৰঙৰ উপায়ুক্ত মুনিন্দ্ৰ নাথ নাঙতেয়ে জনাই যে ভূমিহীন উচ্ছেদিত লোকসকলক মৰিগাঁৱত সংস্থাপন কৰা হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply