নিউজ ডেস্ক- ভাৰতীয় নৌসেনাৰ কালাৱৰী শ্ৰেণীৰ প্ৰকল্প-৭৫, য়াৰ্ড ১১৮৮০-ৰ ষষ্ঠ চাবমেৰিনে চলিত বৰ্ষৰ ১৮মে, তাৰিখে ইয়াৰ সাগৰীয় পৰীক্ষণ আৰম্ভ কৰে। চাবমেৰিনটো ২০এপ্ৰিলত, ২০২২ তাৰিখে মাজাগাঁও ডক শ্বিপবিল্ডাৰছ লিমিটেডৰ (এমডিএল) কানহোজী আংৰে ৱেট বেচিনৰ পৰা উৎক্ষেপণ কৰা হয়। পৰীক্ষণ সম্পূৰ্ণ হোৱাৰ পিছত ২০২৪ চনৰ আৰম্ভণিতে চাবমেৰিনটো ভাৰতীয় নৌসেনাক হস্তান্তৰ কৰা হ’ব।
উল্লেখ্য যে, মাজাগাঁও ডক শ্বিপবিল্ডাৰছ লিমিটেডে ২৪ মাহত নৌসেনাক তিনিটা প্ৰকল্প ৭৫ চাবমেৰিন প্ৰদান কৰিছে আৰু ষষ্ঠ চাবমেৰিনৰ সাগৰীয় পৰীক্ষণ আৰম্ভ কৰাটো এক গুৰুত্বপূৰ্ণ পদক্ষেপ।
চাবমেৰিনখনে এতিয়া সাগৰত ইয়াৰ সকলো প্ৰণালীৰ তীব্ৰ পৰীক্ষা কৰিব, যাৰ ভিতৰত আছে প্ৰপালচন প্ৰণালী, অস্ত্ৰ আৰু চেন্সৰ।