নিউজ ডেস্ক- আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ অষ্ট্ৰেলিয়াৰ সমকক্ষ এন্থনী এলবানিজৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। এই আলোচনাত দুয়োখন দেশৰ মাজত কৌশলগত সহযোগিতা বৃদ্ধিৰ বিষয়ে আলোচনা কৰা হয়। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্রী এছ জয়শংকৰ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালেও আলোচনাত অংশগ্রহণ কৰিছিল।
প্ৰধানমন্ত্ৰীগৰাকীয়ে আলোচনাৰ বাবে উপস্থিত হোৱাৰ সময়ত তেওঁক প্ৰথমে এডমিৰেলটি হাউচত আনুষ্ঠানিক গার্ড অফ অনাৰ প্ৰদান কৰা হৈছিল। তেওঁ এডমিৰেলটি হাউচৰ দৰ্শনাৰ্থী কিতাপখনত স্বাক্ষৰ কৰিছিল। ইয়াৰ পিছত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী এলবানিজৰ সৈতে দ্বিপাক্ষিক আলোচনা হৈছিল।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত বৰ্ষৰ শেষৰ ফালে ভাৰতত অনুষ্ঠিত হ’বলগীয়া ক্রিকেট বিশ্বকাপৰ বাবে এলবানিজ আৰু সকলো অস্ট্রেলিয়ান ক্ৰিকেট অনুৰাগীক ভাৰত ভ্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনাইছে। তেওঁ কয় যে সেই সময়ত লোকসকলে ভাৰতত দেৱালী উদযাপন কৰাও চাব পাৰিব। অষ্ট্ৰেলিয়াৰ মন্দিৰসমূহত হোৱা আক্ৰমণৰ কথা উল্লেখ কৰি মোডীয়ে কয় যে মন্দিৰসমূহৰ ওপৰত আক্ৰমণ গ্ৰহণযোগ্য নহয়, যাৰ বাবে এন্থনী এলবানিছে এনে অসামাজিক উপাদানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে।
তেওঁলোকে ভাৰত-অষ্ট্ৰেলিয়া হাইড্ৰ’জেন টাস্ক ফ’ৰ্চৰ টাৰ্মছ অৱ ৰেফাৰেন্স চূড়ান্ত কৰা বিষয়টোও আদৰণি জনায়, যি হাইড্ৰ’জেন ইলেক্ট্ৰ’লাইজাৰ, ইন্ধন কোষৰ লগতে আন্তঃগাঁথনি সাহাৰ্য আৰু মানসম্পন্ন আৰু নিয়ন্ত্ৰণ ওপৰত গুৰুত্ব আৰোপ কৰি পৰিষ্কাৰ হাইড্ৰ’জেনৰ উৎপাদন আৰু নিয়োগ ত্বৰান্বিত কৰাৰ সুযোগৰ ওপৰত পৰামৰ্শ আগবঢ়াব।
প্ৰধানমন্ত্ৰী আলবানিজে ভাৰতৰ জি-২০ অধ্যক্ষতা আৰু পদক্ষেপসমূহৰ প্ৰতি অষ্ট্ৰেলিয়াৰ তীব্ৰ সমৰ্থন প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া জি-২০ শীৰ্ষ সন্মিলনৰ বাবে প্ৰধানমন্ত্ৰী আলবানিজক আদৰণি জনোৱাৰ বাবে আগ্ৰহী বুলি কয়৷