গুৱাহাটী খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ৰঙালীৰ সপ্তম সংস্কৰণ আজিৰ পৰা আৰম্ভ হৈছে।
উত্তৰ-পূব অঞ্চলৰ জনগোষ্ঠীয় বৈচিত্ৰ্য, সৃষ্টিশীলতা আৰু থলুৱা বজাৰ সৃষ্টিৰ প্ৰয়াসেৰে চাৰিদিনীয়া সাংস্কৃতিক ৰঙালী উৎসৱ আৰম্ভ হৈছে। ২০, ২১, ২২ আৰু ২৩ এপ্ৰিললৈ এই অনুষ্ঠান আয়োজন কৰা হৈছে।
উত্তৰ-পূব অঞ্চলৰ অন্যতম বৃহৎ সাংস্কৃতিক অনুষ্ঠানৰ বাৰ্ষিক মহোৎসৱত অসমৰ বিভিন্ন জনজাতি আৰু জনগোষ্ঠী, শিল্প, ফেশ্বন শ্ব, খাদ্য, আৰু অঞ্চলটোৰ সৰ্ববৃহৎ সংগীত অনুষ্ঠান আদি অনুষ্ঠিত হ’ব। এই অনুষ্ঠানত অসমৰ লগতে উত্তৰ-পূব অঞ্চলৰ অন্যান্য ৰাজ্যৰ খাদ্য, নৃত্য, সংগীত আদি পৰিবেশন কৰা হ’ব। ইয়াত উত্তৰ পূবৰ অতি জনপ্ৰিয় শিল্পী তাবা চাকে, নাগালেণ্ডৰ গীটাৰিষ্ট ইমনেইলা জামিৰৰ লগতে চুবুৰীয়া ৰাজ্যসমূহৰ বহুকেইটা ৰ’ক বেণ্ডে ৰঙালীত সংগীতানুষ্ঠান পৰিৱেশন কৰিব।
উল্লেখ্য যে, এই অনুষ্ঠানটোত প্ৰায় ৩০০ শিল্পী উপস্থিত থাকিব। অনুৰাধা শৰ্মা পূজাৰী, মণিকুন্তলা ভট্টাচাৰ্য, নীলিম কুমাৰ, প্ৰদ্যুম্ন গোস্বামী, পাৰ্থসাৰথি মহন্ত, হিল্লোল কুমাৰ পাঠক, হিমাংশু প্ৰসাদ দাস, গৰিমা শইকীয়া গাৰ্গ, বৰ্ণালী বৰগোঁহাই, অংশুমান বৰা, বিপাশা বৰা, ৰিমলী বৰকটকী, মনস্বিনী মহন্ত, প্ৰদ্যুম্ন গগৈ, অম্লান দেউৰী ইত্যাদি বহুকেইজন শিল্পী উপস্থিত থাকিব।
আনহাতে, এই উৎসৱত উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যৰ পৰম্পৰাগত খাদ্যৰ প্ৰদৰ্শনী অনুষ্ঠিত হ’ব, য’ত জনজাতীয় খাদ্যৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হ’ব। বিভিন্ন ঠাইৰ পৰম্পৰাগত খাদ্যৰ জুতি ইয়াত লাভ কৰিব পাৰিব।
শ্যামকানু মহন্তৰ নেতৃত্বত ৰঙালীৰ আয়োজন কৰিছে সাংস্কৃতিক ন্যাস ট্ৰেণ্ড এম এম এছে।