নিউজ ডেস্ক: আজি পুৱা সোণাপুৰৰ পাটৰকুচিত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । গুৱাহাটীৰ পৰা উজনি অভিমুখে গৈ থকা অৱস্থাত সোণাপুৰৰ ৰাজপথত নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰ পাৰ হৈ ৰাজপথত বাগৰি পৰে AS 01 FC 5453 নম্বৰৰ এখন গেছ ভর্তি বাহন।
দুৰ্ঘটনা সংঘটিত হোৱা পাচতেই ঘটনাস্থলীত উপস্থিত হয় সোণাপুৰ যানবাহন আৰক্ষী আৰু অগ্নিনির্বাপক বাহিনী দল। ইয়াৰ লগতে আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথটোৰ এটা অংশ বন্ধ কৰি দিয়ে ।
উল্লেখ্য় যে বাহনখন বাগৰী পৰা পাছতে টেংকাৰখনৰ পৰা অহৰহ নিৰ্গত হৈছে গেছ । যিকোনো মুহূৰ্ততে বিস্ফোৰণ হোৱাৰ আশংকাত শংকিত হৈ পৰিছে অঞ্চলটোৰ লোক।
ইফালে বাহনখনত থকা দুজন লোক ঘটনাস্থলীৰ পৰা পলায়ন কৰাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় এজন। আহত লোকজনক ততাতৈয়াকৈ ভৰ্তি কৰা হৈছে সোণাপুৰ জিলা চিকিৎসালয়ত ।