নিউজ ডেস্ক: আজি মন্ত্ৰী অতুল বৰাই কাছাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত বিভাগীয় বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। এই বৈঠকত বিধায়ক মিহিৰকান্তি সোম আৰু দীপায়ন চক্ৰৱৰ্তী উপস্থিত থাকে।

বৈঠকত কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ কৃষি, পশুপালন আৰু পশু চিকিৎসা, দুগ্ধ উন্নয়ন, সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা কৰে।

বৈঠকত বৰাক উপত্যকাৰ তিনিওখন জিলাত পিএম-কিষাণ, ৰাষ্ট্ৰীয় ভোজ্য তেল মিছন- তৈল খেজুৰ, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, মিলেট মিছন, কৃষক জ্ঞান কেন্দ্ৰ নিৰ্মাণ আঁচনিকে ধৰি বিভিন্ন কল্যাণকামী আঁচনিৰ সাম্প্ৰতিক ৰূপায়ণ স্থিতি তথা ধান ক্ৰয়ৰ স্থিতি, বীজ আৰু কৃষি সম্পৰ্কীয় যন্ত্ৰৰ বিতৰণ, সাৰৰ উপলব্ধতা তথা সাৰৰ অবৈধ বিক্ৰী নিয়ন্ত্ৰণৰ ব্যৱস্থাৱলী আৰু অন্যান্য কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় বিস্তৃতভাৱে আলোচনা কৰা হয়।

পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অধীনত চলি থকা পশু টিকাকৰণ অভিযানৰ শেহতীয়া স্থিতি, পশু চিকিৎসাজনিত ঔষধৰ উপলব্ধতা, গৰু-ম’হৰ কৃত্ৰিম প্ৰজনন আদি বিষয়সমূহো বৈঠকত পৰ্যালোচনা কৰে লগতে কৃষকসকলৰ সুবিধাৰ্থে বিভাগীয় কামসমূহ ক্ষিপ্ৰতাৰে সম্পন্ন কৰিবলৈ পশুপালন আৰু পশু চিকিৎসা বিভাগ, দুগ্ধ উন্নয়ন বিভাগৰ সংশ্লিষ্ট বিষয়াসকলক মন্ত্ৰীগৰাকীয়ে নিৰ্দেশনা দিয়ে।

বৰাক উপত্যকাত দুগ্ধ খণ্ডৰ শেহতীয়া উন্নয়নমূলক কাম-কাজৰো আজি মূল্যায়ন কৰে অতুল বৰাই লগতে এই খণ্ডটোৰ বিকাশত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। লগতে বৰাক উপত্যকাৰ আন্তঃৰাজ্যিক সীমান্তৰ সাম্প্ৰতিক পৰিস্থিতিৰো বৈঠকত বুজ লয়।

লগতে বৰাই কয়, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত আমাৰ চৰকাৰে এই খণ্ডসমূহৰ বিকাশ ত্বৰান্বিত কৰাৰ লগতে কৃষকৰ সবলীকৰণ সুনিশ্চিত কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply