নিউজ ডেস্ক: অব্যাহত আছে দেশৰ শীৰ্ষ মল্লযুঁজাৰুসকলৰ প্ৰতিবাদ। ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ সভাপতি ব্রিজভূষণ চৰণ সিঙৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত দীৰ্ঘদিন ধৰি আন্দোলন কৰি থকা মল্লযুঁজাৰুসকলক পুনৰ আলোচনাৰ বাবে আমন্ত্ৰণ জনাইছে কেন্দ্ৰীয় চৰকাৰে। এক টুইট যোগে এই কথা সদৰী কৰিছে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে।
বিগত ৩ জুনৰ নিশা মল্লযুঁজাৰুসকলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতেও বৈঠকত মিলিত হৈছিল। মল্লযুঁজাৰুসকলক পুনৰবাৰ আলোচনালৈ আমন্ত্ৰণ জনাই ক্ৰীড়া মন্ত্ৰী ঠাকুৰে তেওঁলোকে উত্থাপন কৰা বিষয়সমূহৰ ওপৰত আলোচনা কৰিবলৈ ইচ্ছুক বুলি উল্লেখ কৰে।
উল্লেখ্য যে, শনিবাৰে অমিত শ্বাহৰ সৈতে হোৱা বৈঠকৰ পাছত অলিম্পিক পদক বিজয়ী মল্লযুঁজাৰু বজৰং পুনিয়াই সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত গৃহমন্ত্ৰী শ্বাহৰ সৈতে সম্পন্ন হোৱা বৈঠক সন্দৰ্ভত কোনো মন্তব্য নকৰিবলৈ প্ৰতিবাদী মল্লযুঁজাৰুসকলক আহ্বান কৰা বুলি মন্তব্য কৰিছিল। বৈঠকত গৃহমন্ত্ৰীৰ সৈতে কোনো ধৰণৰ গোপন বুজাবুজি হোৱা বুলিও অস্বীকাৰ কৰিছিল বজৰং পুনিয়ায়। লগতে মল্লযুঁজাৰুসকলৰ আন্দোলন অব্যাহত থাকিব বুলি স্পষ্ট কৰি দিছিল।