নিউজ ডেস্ক- গুৱাহাটীৰ অসম অভিযান্ত্রিক মহাবিদ্যালয়ৰ সাতজনকৈ মেধাৱী ছাত্ৰই ভয়ংকৰ দুৰ্ঘটনাত একেলগে প্রাণ হেৰুওৱাৰ পাছত দুৰ্ঘটনা ৰোধ কৰাৰ বাবে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে নতুন একশ্যন প্লেন গ্রহণ কৰিছে। বিগত এটা বৰ্ষত এই এখন জিলাত অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ সংখ্যা।
আনহাতে, দুৰ্ঘটনা ৰোধ কৰিবলৈ তেওঁ অত্যধিক দুর্ঘটনা সংঘটিত হোৱা ৭খন জিলালৈ কঠোৰ নিৰ্দেশনা জাৰি কৰাৰ লগতে জিৰ’ টলাৰেঞ্চ নীতি গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে। আৰক্ষী সঞ্চালকপ্ৰধান গৰাকীয়ে কালি দুৰ্ঘটনা ৰোধ কৰিবলৈ নতুন একশ্যন প্লেন গ্ৰহণ কৰি প্ৰথমে ৰাজ্যৰ সর্বাধিক দুর্ঘটনা সংঘটিত হোৱা ৭খন জিলা চিনাক্তকৰণ কৰে। এই জিলাকেইখন হ’ল কামৰূপ, কামৰূপ (মঃ), নগাঁও, বৰপেটা, শোণিতপুৰ, নলবাৰী আৰু ধেমাজি জিলা।
উল্লেখ্য যে, এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হোৱাৰ পাছতে কালি তেওঁ এই নিৰ্দেশনা জাৰি কৰে। এই নিৰ্দেশনা অনুসৰি সুৰাপান কৰি গাড়ী চলালে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ট্ৰেফিক আইন উলংঘা কৰিলেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। সুৰাপায়ী চালকৰ বিৰুদ্ধে জিৰ’ টলাৰেঞ্চ নীতি গ্রহণ কৰিব বিভাগে।
তথ্য অনুসৰি নগাঁও জিলাত ২০২২ বৰ্ষত মুঠ ১৮১ টা প্রাণহানি দুৰ্ঘটনা সংঘটিত হৈছিল। এই বৰ্ষটোত নগাঁৱত সংঘটিত ২৬২টা গুৰুতৰ দুৰ্ঘটনাৰ ভিতৰত ১৯৫জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৩৫৩জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। ঠিক সেইদৰে ২০২২ বৰ্ষত কামৰূপ মহানগৰ জিলাতো ১৫৫টা প্রাণহানি দুর্ঘটনা সংঘটিত হোৱাৰ বিপৰীতে মুঠ ২৭২টা গুৰুতৰ দুৰ্ঘটনা সংঘটিত হৈছে। জিলাখনত দুৰ্ঘটনাত মৃত্যু হৈছে ১৬০জন লোক আৰু গুৰুতৰভাৱে আঘাতযাপ্ত হৈছে ৩৪৮জন লোক। বৰপেটা জিলাতো ১২৫টা প্রাণহানি দুর্ঘটনা সংঘটিত হৈছিল। সেই দুৰ্ঘটনাত ১৩২জন লোকৰ মৃত্যুমুখত পৰিছিল। শোণিতপুৰ জিলাত ১২৪টা প্রাণহানি দুর্ঘটনাই তালিকাৰ চতুর্থ স্থানত আছে।