নিউজ ডেস্কঃ লণ্ডনৰ অভেলত অহা ৭ জুনত অনুষ্ঠিত হ’ব বহু প্ৰত্যাক্ষিত ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল বাবে ইতিমধ্যেই ভাৰতীয় ক্ৰিকেট দলৰ প্ৰথমটো গ্ৰুপ লণ্ডনত উপস্থিত হৈ অনুশীলনত নামি পৰিছে।

ইয়াৰ মাজতেই আই চি চিয়ে ঘোষণা কৰিছে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ প্ৰাইজমানি। মুঠ ৯ খন দেশৰ মাজত অনুষ্ঠিত হোৱা এই চেম্পিয়নশ্বিপৰ মুঠ প্রাইজমানি হৈছে ৩৮ লাখ ডলাৰ অৰ্থাৎ ভাৰতীয় মূল্যত ৩১ কোটি ৪৫ লাখ ১৯ হেজাৰ টকা। উক্ত ৩৮ লাখ ডলাৰ অংশগ্ৰহণকাৰী ৯ খন দেশক এই পুৰস্কাৰ ভাগ কৰি দিব আই চি চিয়ে।

ইফালে, ২০২১-২৩ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত বিজয়ী দলটোৱে লাভ কৰিব ১৬ লাখ ডলাৰ। ভাৰতীয় মূল্যত এই ধনৰাশিৰ পৰিমাণ ১৩ কোটি ২৩ লাখ ৪৩ হেজাৰ টকা। ৰানাৰ্ছ আপ দলটোৱে লাভ কৰিব আঠ লাখ ডলাৰ (৬ কোটি ৫৫ লাখ ৩৪ হেজাৰ টকা) লাভ কৰিব। লগতে, ইতিমধ্যে তৃতীয় স্থানত অভিযান সমাপ্ত কৰা দক্ষিণ আফ্রিকাই ৪ লাখ ডলাৰ (৩ কোটি ৭১ লাখ টকা) লাভ কৰিব।

উল্লেখ্য যে, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ প্ৰথমটো (২০১৯-২১) সংস্কৰণটো ভাৰতীয় ক্ৰিকেট দলটোৱে ফাইনেলত প্ৰৱেশ কৰিছে। কিন্তু নিউজিলেণ্ডৰ দলে ভাৰতক পৰাস্ত কৰিছিল।

লগতে পঢ়ক – PMAY ৰ অধীনত ৰাজ্যত বৰ্তমানলৈকে নিৰ্মাণ কৰা হৈছে ১১,৬৩,৪৭১ টা বাসগৃহ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply