নিউজ ডেস্ক: অহা ২৮ মে’ৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন সংসদ ভৱন উদ্বোধন কৰিব। দেশৰ নতুন সংসদ ভৱন জাতিৰ বাবে উৎসৰ্গা কৰা হ’ব। দুপৰীয়া ১২ বজাত নতুন সংসদ ভৱন উদ্বোধন কৰা হ’ব।
ইয়াৰ পূৰ্বে পুৱা ৭ বজাৰ পৰা আৰম্ভ হ’বলগীয়া পূজা-অৰ্চনাৰ কাৰ্যসূচীত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, ৰাজ্যসভাৰ উপাধ্যক্ষকে ধৰি বহুকেইগৰাকী নেতা-মন্ত্ৰী। ইয়াৰ পিছত পুৱা ৮.৩০ৰ পৰা ৯.০০ বজাৰ ভিতৰত লোকসভাৰ ভিতৰত ছেংগোল স্থাপন কৰা হ’ব।
নতুন সংসদ ভৱন উদ্বোধনৰ সম্পূৰ্ণ সময়সূচী-
-পুৱা ৭.৩০ বজাৰ পৰা ৮.৩০ বজালৈ পূজা-অৰ্চনা। প্ৰধানমন্ত্ৰী মোডী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, ৰাজ্যসভাৰ উপাধ্যক্ষকে ধৰি বহুকেইগৰাকী নেতা-মন্ত্ৰী উপস্থিত থাকিব।
-পুৱা ৮.৩০ৰ পৰা ৯ বজাত আইনী ৰীতি-নীতিৰে লোকসভাৰ ভিতৰত চেংগোল স্থাপন। ইয়াৰ বাবে তামিলনাডুৰ মঠৰ ২০ গৰাকী স্বামী উপস্থিত থাকিব।
-পুৱা ৯ বজাৰ পৰা ৯.৩০ বজালৈ প্ৰাৰ্থনা সভা। ইয়াত শংকৰাচাৰ্যকে ধৰি বহু পণ্ডিত উপস্থিত থাকিব।
-উদ্বোধনী অনুষ্ঠানৰ দ্বিতীয় পৰ্যায় দুপৰীয়া ১২ বজাৰ পিছত আৰম্ভ হ’ব। ইয়াৰ আৰম্ভণি হ’ব জাতীয় সংগীতেৰে, য’ত দুখন চুটি ছবি প্ৰদৰ্শন কৰা হ’ব। ইয়াৰ পাছতে উপ-ৰাষ্ট্ৰপতি আৰু ৰাষ্ট্ৰপতিৰ বাৰ্তা পাঠ কৰিব ৰাজ্যসভাৰ উপাধ্যক্ষ হৰিবংশে।
-ইয়াৰ পিছত মুদ্ৰা আৰু ডাক টিকট মুকলি কৰা হব।
-অনুষ্ঠানৰ সামৰণি উপলক্ষে লোকসভাৰ সচিব প্ৰধানে শলাগৰ শৰাই আগবঢ়াব। সংসদ ভৱনৰ মুখ্য স্থপতি বিমল পেটেল, উদ্যোগপতি ৰতন টাটাৰ লগতে চলচ্চিত্ৰ তাৰকা আৰু ক্ৰীড়া ব্যক্তিসকলক এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে।
-বিয়লি ২.৩০ বজাত কাৰ্যসূচীৰ অন্ত পৰিব।