নিউজ ডেস্ক: ৭ জুনৰ পৰা লণ্ডনৰ অ’ভেলত অনুষ্ঠিত হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৩। অহা ৭ জুনৰ পৰা ১১ জুনলৈ দুয়োটা দলৰ মাজত অনুষ্ঠিত হ’ব এই ৰোমাঞ্চকৰ খেলখন। এইবাৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবে কিছুমান নতুন নিয়ম কাৰ্যকৰী কৰা হৈছে।

ক্রিকেট অষ্ট্ৰেলিয়াই তেওঁলোকৰ ৱেবছাইটত দিয়া এক প্ৰতিবেদন অনুসৰি, যদি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত খেলখন ড্র বা টাই হয়, তেন্তে ভাৰত আৰু অষ্ট্ৰেলিয়া দুয়োটা দলে যুটীয়াভাৱে এই খিতাপৰ ট্ৰফী লাভ কৰিব । যদি বৰষুণৰ বাবে ১১ জুনত খেলখন অনুষ্ঠিত নহয়, তেন্তে এনে পৰিস্থিতিত ১২ জুনত সংৰক্ষিত দিনৰ ব্যৱস্থা কাৰ্যকৰী কৰা হৈছে।

আনহাতে, যদি কোনো কাৰণত খেলখন বাতিল কৰিবলগা হয়, তেন্তে দুয়োটা দলেই যুটীয়াভাৱে ট্ৰফী দখল কৰিব । নিয়ম অনুসৰি বৰষুণ বা আন কোনো কাৰণত খেলখন এঘণ্টাতকৈ অধিক পলম হ’লেহে এই প্ৰতিযোগিতাখনত সংৰক্ষিত দিনটো ব্যৱহাৰ কৰা হ’ব ।

উল্লেখ্য যে এইবাৰকে ধৰি ভাৰতীয় দলে দ্বিতীয়বাৰৰ বাবে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ফাইনেল খেলিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply