নিউজ ডেস্ক- আজি কাৰ্বি ছাত্ৰ সন্থাৰ সোনালীজয়ন্ত্ৰী উপলক্ষে কাৰ্বি আংলঙৰ ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে। মুখ্যমন্ত্ৰীগৰাকীয়ে বিকাশ আৰু প্ৰগতিৰ পথত এক সবল খোজ হিচাপে ডিফুত ২,৫০৩ কোটি টকাৰ গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।

তেওঁ ভাষণ প্ৰদান কৰি কয় যে কাৰ্বিসকল বৃহত্তৰ অসমীয়া জাতিসত্তাৰ এক অমুল্য ৰত্ন। যুগ যুগ ধৰি অসমৰ জাতীয় জীৱন আগুৱাই নিয়াত কাৰ্বি জনগোষ্ঠীয়ে উল্লেখনীয় অৱদান আগৱঢ়াইছে। কাৰ্বিসকলৰ ভাষা, সাহিত্য, সংস্কৃতিয়ে ভাৰতবৰ্ষৰ ৫হাজাৰ বছৰীয়া পুৰণি সভ্যতা, সংস্কৃতিক চহকী কৰিছে।
তেওঁ কয় যে, আজি পুৱা আমি কাৰ্বি আংলংত প্ৰায় ৩ হাজাৰ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক আচঁনিৰ কাম আৰম্ভ কৰিছিলো। পশ্চিম কাৰ্বি আংলংৰ পৰা পূৱ কাৰ্বি আংলংক সামৰি হাওৰা ঘাটৰ পৰা খেৰনিলৈ প্ৰায় ৭৫ কিলোমিটাৰ এটা পথ য’ত ৯০০ কোটি টকা ব্যয় হ’ব তেনে আঁচনিৰো আমি আধাৰশিলা স্থাপন কৰিলো। কাৰ্বি আংলংত মেডিকেল কলেজ স্থাপন হোৱাৰ পাছত আইন মহাবিদ্যালয়, মডেল মহাবিদ্যালয় আদি বিভিন্ন পৰ্যায়ত নিৰ্মাণৰ কাম চলি থকাৰ কথাও উল্লেখ কৰে।
লগতে কয় যে, খুব কম সময়ৰ ভিতৰত কেঞ্চাৰ চিকিৎসালয় নিৰ্মাণৰ কামো সমাপ্ত হ’ব। সমান্তৰালভাৱে কাৰ্বি আংলংত এখন কৃষি মহাবিদ্যালয় আৰু পশু চিকিৎসালয় মহাবিদ্যালয় নিৰ্মাণৰ বাবেও আমি কাম চলায় আছো।
আনহাতে, ৰাজ্য চৰকাৰে কাৰ্বি আংলংৰ বাবে এটা সুকীয়া বিমানবন্দৰ নিৰ্মাণৰ বাবে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ আগবঢ়োৱা কথাও উল্লেখ কৰে তেওঁ।
আজিৰ অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, কেবিনেট সতীৰ্থসকল অজন্তা নেওগ, জয়ন্ত মল্লবৰুৱা, যোগেন মহন, মাননীয় সাংসদ হৰেনছিং বে’, মুখ্যমন্ত্ৰীৰ মাননীয় ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটাকে ধৰি অন্যান্যসকল উপস্থিত থাকে।