নিউজ ডেস্ক: আজি মণিপুৰৰ কুকি সম্প্ৰদায়ৰ লোকে গৃহমন্ত্ৰী অমিত শ্বাহৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। প্রতিবাদকাৰীসকলে কয় যে অমিত শ্বাহে আশ্বাস দিছিল যে ৰাজ্যখনলৈ শান্তি ঘূৰি আহিব । সেয়েহে আমি তেওঁক লগ কৰিবলৈ আহিছোঁ । প্ৰতিবাদকাৰীসকলে অমিত শ্বাহৰ ঘৰৰ বাহিৰত পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে ।

ইফালে প্ৰতিবাদকাৰীসকলে কয় যে তেওঁলোকৰ বাৰ্তা গৃহমন্ত্ৰীলৈ প্ৰেৰণ কৰা হৈছে । গৃহমন্ত্ৰীয়ে তেওঁলোকৰ কথা শুনি তেওঁলোকক লগ কৰিব বুলিও আশাবাদী । তেওঁলোকে লগতে দাবী কৰে যে গৃহ মন্ত্ৰীয়ে কুকি সম্প্ৰদায়ৰ লোকসকলৰ কথাও শুনিব লাগে ।

উল্লেখ্য যে গৃহমন্ত্রী অমিত শ্বাহে ৩ মে’ত হোৱা হিংসাত্মক ঘটনাৰ পিছত মণিপুৰ ভ্ৰমণ কৰাৰ লগতে তেওঁ ৰাজ্যখনলৈ শান্তি ঘুৰি আহিব বুলি আশ্বাস দিয়ে। ৰাজ্যখনত কুকি সমাজৰ বিৰুদ্ধে এতিয়াও হিংসাত্মক ঘটনা সংঘটিত হৈ আছে । সেয়েহে প্ৰতিবাদকাৰীসকলে শান্তিৰ দাবীত গৃহমন্ত্ৰীক শান্তিপূর্ণভাৱে সাক্ষাৎ কৰিবলৈ যোৱা বুলি কয় ।

আনহাতে, আৰক্ষী বিষয়াসকলে প্ৰতিবাদকাৰীসকলক সৈমান কৰে আৰু গৃহমন্ত্ৰীক তেওঁলোকৰ মতামত জনোৱাৰ আশ্বাস দিয়ে ।

উল্লেখ্য যে মণিপুৰত কুকি আৰু মেইটেই সম্প্ৰদায়ৰ মাজত হিংসাত্মক ঘটনা সংঘটিত হয় । এমাহৰো অধিক সময় ধৰি জাতিগত হিংসাৰ বাবে উত্তেজনাপূৰ্ণ হৈ আছে মণিপুৰ । এই হিংসাত ৮০ জনৰো অধিক লোক নিহত হৈছে। আনহাতে, হাজাৰ হাজাৰ লোক আশ্রয় শিবিৰত আছে । ইয়াৰ উপৰি কেইবা হাজাৰ ঘৰ জ্বলাই দিয়া হৈছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply