নিউজ ডেস্ক: ৭ মে’ত অৰ্থাৎ দেওবাৰে দেশ আৰু বিদেশৰ ৪৯৯ খন চহৰত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাৰ ৰাষ্ট্ৰীয় যোগ্যতা আৰু প্ৰৱেশ পৰীক্ষা (NEET) ইউজি-২০২৩। প্ৰাৰ্থীসকলে আৱন্টন কৰা পৰীক্ষা কেন্দ্ৰসমুহৰ তালিকা অফিচিয়েল ৱেবছাইট প্ৰকাশ কৰা হ’ব।

এনটিএৰ জ্যেষ্ঠ সঞ্চালক ড০ সাধনা পৰাশৰে জনায় যে পৰীক্ষাৰ্থীসকলে আবেদনৰ নম্বৰ আৰু জন্ম তাৰিখৰৰ আধাৰত পৰীক্ষা কেন্দ্ৰৰ বিষয়ে তথ্য ডাউনলোড কৰিব পাৰিব। লগতে অহা এক বা দুদিনৰ ভিতৰত পৰীক্ষাৰ এডমিট কাৰ্ড জাৰী কৰা হ’ব। এই পৰীক্ষা দুপৰীয়া ২ বজাৰ পৰা সন্ধিয়া ৫.৩০ বজালৈ অনুষ্ঠিত হব। আনহাতে ১.৩০ বজাৰ পাছত পৰীক্ষাৰ্থীসকলে কেন্দ্ৰত প্ৰৱেশ কৰিব নোৱাৰিব। কঠোৰ নিৰাপত্তা মাজেৰে এই পৰীক্ষা অনুষ্ঠিত কৰা হ’ব।

এলনৰ কেৰিয়াৰ পৰামৰ্শদাতা পাৰিজাত মিশ্ৰাই কোৱামতে এইবছৰ পৰীক্ষাৰ্থী সংখ্যা সৰ্বাধিক ২১ লাখ ৬৩ হাজাৰ। এইবাৰ ভাৰতৰ ৪৮৫ খন চহৰ আৰু ডুবাই, আবু-ধাবি, শাৰজাহ, বেংকক, কলম্বো, দোহা, কাঠমাণ্ডু, কুয়ালালামপুৰ, কুৱেইট, লাগোচ, মানামা, মাস্কট, ৰিয়াদ আৰু ছিংগাপুৰকে ধৰি বিদেশৰ ১৪ খন চহৰত পৰীক্ষাকেন্দ্ৰ স্থাপন কৰা হৈছে।

পৰীক্ষা ১৩ ভাষাত অনুষ্ঠিত কৰা হ’ব। হিন্দী, ইংৰাজী, অসমীয়া, বঙালী, গুজৰাটী, কানাড়া, মালায়ালাম, ওড়িয়া, পাঞ্জাৱী, তামিল, তেলেগু, আৰু উৰ্দুত অনুষ্ঠিত হব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply