নিউজ ডেস্ক: ইৰানৰ আন্তঃ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ বাবে নিৰ্বাচিত হৈছে অসমৰ এখন চুটি ছবি। অসমৰ অংশুমান শ‍ইকীয়াৰ দ্বাৰা পৰিচালিত ‘The Muse’ নামৰ শীর্ষক চুটি ছবিখন ইৰানৰ “Norge International Independent Film Festival” ত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে।

নগাঁৱৰ চামগুৰিৰ যুৱক অংশুমান শ‍ইকীয়াই কটন বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতক ডিগ্ৰী লোৱাৰ লগতে নাট্য আৰু চলচ্চিত্ৰ ক্ষেত্ৰখনত কাম কৰি আছে। গুৱাহাটী আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানত চিত্ৰগ্ৰহণ হোৱা ‘The Muse’ শীর্ষক ছবিখন অহা ৩১ মে’ত অনলাইন যোগে প্রদর্শিত হ’ব।

উল্লেখ্য যে চুটি ছবি শাখাৰ বাছনিত ভাৰতৰ হৈ একমাত্ৰ পৰিচালক হিচাপে নিৰ্বাচিত হৈছে অংশুমান শ‍ইকীয়া। অংশুমান শ‍ইকীয়াই কেইবাখনো নাটক পৰিচালনা কৰি শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিবলৈও সক্ষম হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply