নিউজ ডেস্ক: কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব সেই বিষয় লৈ উৎকন্ঠা অব্যাহত থকাৰ মাজতে আজি কংগ্ৰেছে ঘোষণা কৰিলে নতুন মুখ্যমন্ত্ৰীৰ নাম। কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ প্ৰায় চাৰি দিন পিছত কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰীৰ নাম চূড়ান্ত কৰা হৈছে।

আজি কংগ্ৰেছে ১০ জনপথৰ এখন বৈঠকৰ পিছত, সিদ্ধাৰামাইয়াক কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী বনোৱাৰ সিদ্ধান্ত লৈছে।

বৃহস্পতিবাৰে কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী হিচাপে কংগ্ৰেছ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াই শপত গ্ৰহন কৰিব। ১৮ মে’ত বেংগালুৰু ষ্টেডিয়ামত আয়োজিত এক অনুষ্ঠানত কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহন কৰিব সিদ্ধাৰামাইয়াই। নতুন মুখ্যমন্ত্ৰীৰ লগতে বৃহস্পতিবাৰে উপ- মুখ্যমন্ত্রীয়েও শপত গ্ৰহণ কৰিব ।

উল্লেখ্য, ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু কৰ্ণাটক প্ৰদেশ কংগ্ৰেছৰ মুৰব্বী ডি কে শিৱকুমাৰৰ মাজত মুখ্যমন্ত্ৰী পদৰ বাবে এক কঠিন প্রতিদ্বন্দ্বিতা হোৱাৰ বাবে দলৰ মুৰব্বী মল্লিকার্জুন খাৰ্গেয়ে বিষয়টো সন্দৰ্ভত সূক্ষ্ম পর্যালোচনা কৰে । তাৰ পিছত সিদ্দাৰামাইয়াক মুখ্যমন্ত্ৰী পদৰ বাবে নিৰ্বাচিত কৰাৰ সিদ্ধান্ত গ্ৰহন কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply