নিউজ ডেস্ক- কলকাতাৰ ছল্টলেকৰ ই জেদ চি চি প্ৰেক্ষাগৃহত আছাম ছ’চিঅ’ লিটাৰেৰী ক্লাবৰ ডেৰশ বছৰীয়া জয়ন্তী অনুস্থান অনুস্থিত হ’ব। এই অনুস্থান ১৯-২০ মে’ত অনুস্থিত হ’ব।

এ এছ এল ক্লাৱৰ সভাপতি প্ৰাকাশ আচাৰ্য আৰু সম্পাদক পৰিমল দাসে কালি এক বিজ্ঞপিযোগে এই কথা জনায় যে, কন্ঠশিল্পী জুবিন গাৰ্গলৈ আগবঢ়োৱা হৈছে “এ এছ এল আইকন জাতীয় গৌৰৱ বঁটা।” লগতে সাহিত্য-সংবাদক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ‘সাদিন’ৰ সম্পাদক আৰু বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীলৈ “এ এছ এল সাহিত্যৰ্ণৱ বঁটা” আৰু বিশিষ্ট্য নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মালৈ “এ এছ এল কথাসূৰ্য বটাঁ” আগৱঢ়াইছে।

আনহাতে, এই বটাঁত গামোচা, মানপত্ৰ, স্মাৰক, অংগবস্ত্ৰ, গ্ৰন্থৰ টোপোলা আৰু নগদ ধন প্ৰদান কৰা হ’ব। উক্ত অনুস্থানত ক্লাবৰ প্ৰাক্তন সভাপতি  আৰু সম্পাদকসকলকো সম্বৰ্ধনা জনোৱা হ’ব।

ইফালে, অনুষ্ঠানৰ দ্বিতীয় দিনা  জুবিন গাৰ্গৰ সংগীতানুষ্ঠানেৰে ক্লাবৰ ডেৰশ বছৰীয়া জয়ন্তী অনুস্থান সামৰণি মৰা হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply