নিউজ ডেস্ক: শনিবাৰে বেংগালুৰুত অনুষ্ঠিত হ’ব কৰ্ণাটকৰ নতুন চৰকাৰৰ শপত গ্ৰহন অনুষ্ঠান। শনিবাৰে কৰ্ণাটকৰ জনসাধণে লাভ কৰিব আগন্তুক পাঁচ বছৰৰ বাবে নতুন চৰকাৰ।

নতুন মুখ্যমন্ত্ৰী হিচাপে সিদ্দাৰামাইয়া আৰু উপ- মুখ্যমন্ত্ৰী হিচাপে ডি কে শিৱকুমাৰে শনিবাৰে দুপৰীয়া ১২.৩০ বজাত বেংগালুৰুৰ কণ্টেৰাভা ষ্টেডিয়ামত শপত গ্ৰহণ কৰিব ।

কংগ্ৰেছ চৰকাৰৰ এই শপত গ্ৰহণ অনুষ্ঠানৰ বাবে কংগ্ৰেছৰ নেতাসকলৰ লগতে আঠখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলক আমন্ত্ৰণ জনোৱা হৈছে । লগতে আমন্ত্ৰণ জনোৱা হৈছে দেশৰ আগশাৰীৰ বিৰোধী নেতাসকলকো । যাৰ বাবে কাৰ্যত বেংগালুৰুৰ কণ্টেৰাভা ষ্টেডিয়ামত অনা বিৰোধী দলসমূহৰ একতা প্ৰদৰ্শিত হ’ব । উল্লেখ্য, ২০১৮ চনত বিজেপি মিত্ৰজোঁট চৰকাৰ গঠনৰ সময়তো এই একেই পদক্ষেপ গ্ৰহণ কৰা হৈছিল শপত গ্ৰহণ অনুষ্ঠানত ।

এই অনুষ্ঠানত উপস্থিত থাকিব এআইচিচিৰ নেতা ছোনিয়া গান্ধী, ৰাহুল গান্ধী, প্রিয়ংকা গান্ধী, পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জী, তামিলনাডুৰ মুখ্যমন্ত্রী এম কে ষ্টালিন, ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল, হিমাচল প্ৰদেশৰ মুখ্যমন্ত্রী সুখবিন্দ সিং, পুডুচেৰীৰ মুখ্যমন্ত্ৰী ৰংগাস্বামী, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চ’ৰেনে শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে । এই ১১ গৰাকী গণ্য-মান্য ব্যক্তিৰ অংশগ্রহণ সন্দৰ্ভত এক চৰকাৰী বিজ্ঞপ্তিও জাৰি কৰা হৈছে ।

উল্লেখ্য যে কংগ্ৰেছে এই শপত গ্রহণ কাৰ্যসূচীক দলটোৰ শক্তি প্ৰদৰ্শনৰ বাবে এক মঞ্চ হিচাপে গঢ়ি তুলিবলৈ প্রস্তুতি চলাই আছে। তাৰেই ফলশ্ৰুতিত বিশাল জনসমাগম আকর্ষণ কৰিব বুলি আশা কৰা হৈছে ৷ সেয়েহে ১,৫০০ তকৈও অধিক আৰক্ষী মোতায়েন কৰা হৈছে । দহজন এচিপি আৰু ২৮ জন পৰিদৰ্শকৰ দ্বাৰা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply