নিউজ ডেস্কঃ ভেলোৰ আৰু বাংগালুৰুত নতুনকৈ অসম ভৱনৰ নিৰ্মাণ কৰি থকা হৈছে। লগতে, চেন্নাইস্থিত অসম ভৱনটোৰ পুনঃনিৰ্মাণৰ কাম ইতিমধ্যে পূৰ্ণ গতিত চলি আছে বুলি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে জানিবলৈ দিছে।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত মঙলবাৰে জনতা ভৱনত অনুষ্ঠিত এক বৈঠকত পুনঃনিৰ্মাণ কৰা চেন্নাই অসম ভৱনটো অসমৰ সাধাৰণ প্ৰশাসন বিভাগে অহা ১ ছেপ্টেম্বৰৰ পৰা নিজাববীয়াকৈ চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

আনহাতে, মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে জানিবলৈ দিয়ে যে, ভেলোৰত নিৰ্মাণ হৈ থকা অসম ভৱনটো মুখ্যমন্ত্ৰীই ছেপ্টেম্বৰ মাহত উন্মোচন কৰি ৰাইজৰ বাবে উচৰ্গা কৰিব ৷ ইয়াৰোপৰি, বাংগালুৰুত নিৰ্মাণ হৈ থকা ৬০ টাতকৈও অধিক কোঠা সংলগ্ন অসম ভৱনটো মুখ্যমন্ত্ৰীই অক্টোবৰ মাহত উদ্বোধন কৰাৰ বাবে সভাত সিদ্ধান্ত গ্ৰহণ কৰে ৷

লগতে পঢ়ক – ৪৯.৯৯ কোটি ব্যয় সাপেক্ষে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত নিৰ্মাণ হ’ব নতুন ছাত্ৰী আৱাস

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply