গুৱাহাটী- ভাৰতত কৰোনা সংক্ৰমণৰ ঘটনা অব্যাহত আছে। আজি কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ তৰফৰ পৰা সদৰি কৰা তথ্যমতে ভাৰতত বিগত ২৪ ঘন্টাত কৰোনা ভাইৰাছত নতুনকৈ ৬৫৬ জন লোক আক্ৰান্ত হৈছে।
স্বাস্থ্য মন্ত্রণালয়ৰ তৰফৰ পৰা লাভ কৰা তথ্য অনুসৰি আজি মঙলবাৰে পুৱা ৮ বজালৈ ৪,৪৪,৩৭,৩০৪ জন লোক সুস্থ হৈ উঠিছে। বিগত ২৪ ঘন্টাত ২,১০০ জন লোক সুস্থ হয়।
আনহাতে ভাৰতত কৰোনা ৰোগৰ পৰা ৪.৪৪ কোটিৰো অধিক আক্রান্ত ব্যক্তি সুস্থ হৈ উঠিছে। ভাৰতত কৰোনা আক্ৰান্তৰ পৰা আৰোগ্য লাভৰ হাৰ ৯৮.৭৯ শতাংশ৷
ইফালে ভাৰতত কৰোনা ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫,৩১,৭৯০ জনলৈ বৃদ্ধি পাইছে। সম্প্ৰতি সমগ্ৰ ভাৰতত সক্ৰিয় কৰোনা ৰোগীৰ সংখ্যা হৈছে ১৩,০৩৭ জন। আনহাতে বিগত ২৪ ঘণ্টাত ভাৰতত ১,১৬,৬০৩ জনৰ শৰীৰৰ কৰোনা নমুনা পৰীক্ষা সম্পন্ন কৰা হৈছিল।
ইফালে দেশত বৰ্তমানলৈকে ব্যাপক টীকাকৰণ অভিযানৰ অধীনত আজি পুৱা ৭ বজালৈ মুঠ কৰোনা টীকাকৰণ কৰা লোকৰ সংখ্যা ২২০,৬৬,৯৩,০৬৯ জনলৈ বৃদ্ধি পাইছে। বিগত ২৪ ঘন্টাত দেশত বুষ্টাৰ পালি ১৫ৰ পৰা ১৭ বছৰ বয়সৰ উপৰি ১২-১৪ বছৰৰ শিশুসকলকে ধৰি মুঠ ১,০১০ জনক কৰোনা টীকা প্ৰদান কৰা হৈছে।