নিউজ ডেস্ক- শেহতীয়াকৈ ভাৰতত কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ঘটনা ক্ৰমে হ্রাস পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ পৰা লাভ কৰা তথ্যমতে ভাৰতত বিগত ২৪ ঘন্টাত কৰোনা ভাইৰাছত নতুনকৈ ৪৯০ জন লোক আক্ৰান্ত হৈছে।
স্বাস্থ্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা লাভ কৰা তথ্য অনুসৰি আজি পুৱা ৮ বজালৈ ৪,৪৪,৫১,৩৫৩ জন লোক সুস্থ হৈ উঠিছে। বিগত ২৪ ঘন্টাত ৯৪৯ জন লোক সুস্থ হয়। ইফালে ভাৰতত কৰোনা সংক্ৰমিত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫,৩১,৮৫৬ জনলৈ বৃদ্ধি পাইছে। সমগ্ৰ ভাৰতত সক্ৰিয় কৰোনা ৰোগীৰ সংখ্যা ৫,৭০৭ জন।
আনহাতে বিগত ২৪ ঘণ্টাত, ভাৰতত ১,২৪,৭৫৩ জনৰ শৰীৰৰ কৰোনা নমুনা পৰীক্ষা কৰা হৈছিল। ইফালে দেশত বৰ্তমানলৈকে ব্যাপক টীকাকৰণ অভিযানৰ অধীনত আজি পুৱা ৭ বজালৈ মুঠ কৰোনা টীকাকৰণ কৰা লোকৰ সংখ্যা ২২০,৬৭,০৪, ২৫২ জনলৈ বৃদ্ধি পাইছে। বিগত ২৪ ঘন্টাত দেশত বুষ্টাৰ পালি ১৫ৰ পৰা ১৭ বছৰ বয়সৰ উপৰি ১২-১৪ বছৰৰ শিশুসকলকে ধৰি মুঠ ১,৩৮০ জনক কৰোনা টীকা প্ৰদান কৰা হৈছে।