গুৱাহাটী- ভাৰতত কৰোনা সংক্ৰমণৰ ঘটনা অব্যাহত আছে। আজি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্রণালয়ৰ তৰফৰ পৰা লাভ কৰা তথ্যমতে ভাৰতত বিগত ২৪ ঘন্টাত কৰোনা ভাইৰাছত নতুনকৈ ৯০৬ জন লোক আক্ৰান্ত হৈছে।
স্বাস্থ্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা লাভ কৰা তথ্য অনুসৰি আজি পুৱা ৮ বজালৈ মুঠ ৪,৪৪,৪২,০৬৫ জন লোক সুস্থ হৈ উঠিছে। বিগত ২৪ ঘন্টাত ২,১০০ জন লোক সুস্থ হয়।
আনহাতে ভাৰতত কৰোনা ৰোগৰ পৰা ৪.৪৪ কোটিৰো অধিক আক্রান্ত ব্যক্তিয়ে আৰোগ্য লাভ কৰিছে। লগতে কৰোনা আক্ৰান্তৰ পৰা আৰোগ্য লাভৰ হাৰ ৯৮.৭৯ শতাংশ।
ইফালে ভাৰতত কৰোনা সংক্ৰমিত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫,৩১,৮১৪ জনলৈ বৃদ্ধি পাইছে। সমগ্ৰ ভাৰতত সক্ৰিয় কৰোনা ৰোগীৰ সংখ্যা হৈছে ১০,১৭৯ জন।
আনহাতে যোৱা ২৪ ঘণ্টাত, ভাৰতত ১,২৯,৬১০ জনৰ শৰীৰৰ কৰোনা নমুনা পৰীক্ষা কৰা হৈছিল। বিগত ২৪ ঘন্টাত দেশত বুষ্টাৰ পালি আৰু ১৫ৰ পৰা ১৭ বছৰ বয়সৰ উপৰি ১২-১৪ বছৰৰ শিশুসকলকে ধৰি মুঠ ৭৭০ জনক কৰোনা টীকা প্ৰদান কৰা হৈছে।