নিউজ ডেস্ক- ভাৰতত কৰোনা সংক্ৰমণৰ ঘটনা অব্যাহত আছে। কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ তৰফৰ পৰা লাভ কৰা তথ্য মতে আজি ভাৰতত বিগত ২৪ ঘন্টাত কৰোনা ভাইৰাছত নতুনকৈ ৭৮২ জন লোক আক্ৰান্ত হৈছে।

স্বাস্থ্য মন্ত্ৰণালয়ৰ পৰা লাভ কৰা তথ্য মতে আজি পুৱা ৮ বজালৈ ৪,৪৪,৪৫,২০৬ জন ব্যক্তি সুস্থ হৈ উঠিছে। বিগত ২৪ ঘন্টাত ১,১৯৩ জন ব্যক্তি সুস্থ হৈছে।

আনহাতে ভাৰতত কৰোনা ৰোগৰ পৰা আৰোগ্য লাভ কৰিছে ৪.৪৪ কোটিৰো অধিক ৰোগীয়ে আৰু আৰোগ্য লাভৰ হাৰ হৈছে ৯৮.৮০ শতাংশ।

ইফালে ভাৰতত কৰোনা সংক্ৰমিত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫,৩১,৮২৪ জনলৈ বৃদ্ধি পাইছে। সমগ্ৰ দেশত সক্ৰিয় কৰোনা ৰোগীৰ সংখ্যা হৈছে ৮,৬৭৫ জন। আনহাতে বিগত ২৪ ঘণ্টাত  ভাৰতত ১,২৯,১০১ জনৰ শৰীৰৰ কৰোনা নমুনা পৰীক্ষা কৰা হৈছিল।

ভাৰতত বৰ্তমানলৈকে ব্যাপক টীকাকৰণ অভিযানৰ অধীনত আজি পুৱা ৭ বজালৈ মুঠ কৰোনা টীকাকৰণ কৰা লোকৰ সংখ্যা ২২০,৬৬,৯৬,৮৫০ জনলৈ বৃদ্ধি পাইছে। বিগত ২৪ ঘন্টাত বুষ্টাৰ পালি ১৫ৰ পৰা ১৭ বছৰ বয়সৰ উপৰি ১২-১৪ বছৰৰ শিশুসকলকে ধৰি মুঠ ৯৭৮ জনক কৰোনা টীকা প্ৰদান কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply