গুৱাহাটী- ভাৰতত কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ঘটনা ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে। কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ তৰফৰ পৰা লাভ কৰা তথ্যমতে ভাৰতত বিগত ২৪ ঘন্টাত কৰোনা ভাইৰাছত নতুনকৈ ৮০১ জন লোক আক্ৰান্ত হৈছে।

স্বাস্থ্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা লাভ কৰা অনুসৰি আজি পুৱা ৮ বজালৈ ৪,৪৪,৩৫,২০৪ জন লোক সুস্থ হৈ উঠিছে। বিগত ২৪ ঘন্টাত ১,৮১৫ জন লোক সুস্থ হয়।

প্ৰাপ্ত তথ্য মতে, ভাৰতত কৰোনা ৰোগৰ পৰা ৪.৪৪ কোটিৰো অধিক আক্রান্তই আৰোগ্য লাভ কৰিছে। মুঠ কৰোনা আক্ৰান্তৰ পৰা আৰোগ্য লাভৰ হাৰ ৯৮.৭৮ শতাংশ।

ভাৰতত কৰোনা সংক্ৰমিত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫,৩১,৭৭৮ জন লৈ বৃদ্ধি পাইছে। আৰু ভাৰতত সক্ৰিয় কৰোনা ৰোগীৰ সংখ্যা ১৪,৪৯৩ জন।

আনহাতে বিগত ২৪ ঘণ্টাত, ভাৰতত ৫৫,৬৩৬ জন ব্যক্তিৰ শৰীৰত কৰোনা নমুনা পৰীক্ষা কৰা হৈছিল। বৰ্তমানলৈকে ব্যাপক টীকাকৰণ অভিযানৰ অধীনত আজি পুৱা ৭ বজালৈ মুঠ কৰোনা টীকাকৰণ কৰা লোকৰ সংখ্যা ২২০,৬৬,৯২,০৫৯ জনলৈ বৃদ্ধি পাইছে৷ বিগত ২৪ ঘন্টাত দেশত বুষ্টাৰ পালি ১৫ৰ পৰা ১৭ বছৰ বয়সৰ উপৰি ১২-১৪ বছৰৰ শিশুসকলক ধৰি মুঠ ৩৬৭ জনক কৰোনা টীকা প্ৰদান কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply