গুৱাহাটী- ভাৰতত কৰোনা ভাইৰাছৰ সংক্রমণ ক্ৰমে হ্রাস পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা আজি লাভ কৰা তথ্যমতে ভাৰতত বিগত ২৪ ঘন্টাত কৰোনা ভাইৰাছত নতুনকৈ ২২৪ জন লোক আক্ৰান্ত হৈছে।
স্বাস্থ্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা লাভ কৰা তথ্য অনুসৰি আজি পুৱা ৮ বজালৈ ৪,৪৪,৫৩,৯০৮ জন লোক সুস্থ হৈ উঠিছে। বিগত ২৪ ঘন্টাত ৪২৯ জন লোক সুস্থ হয়।
আনহাতে ভাৰতত কৰোনা ৰোগৰ পৰা ৪.৪৪ কোটিৰো অধিক আক্রান্তই আৰোগ্য লাভ কৰিছে। ভাৰতত কৰোনা আক্ৰান্তৰ পৰা আৰোগ্য লাভৰ হাৰ ৯৮.৮০ শতাংশ৷
ইফালে ভাৰতত কৰোনা সংক্ৰমিত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫,৩১,৮৬৭ জনলৈ বৃদ্ধি পাইছে। ভাৰতত সক্ৰিয় কৰোনা ৰোগীৰ সংখ্যা হৈছে ৪,৫০৩ জন। দৈনিক সংক্ৰমণৰ হাৰ হৈছে ০.২৩ শতাংশ।
বিগত ২৪ ঘণ্টাত, ভাৰতত ৯৮,১৬৭ জনৰ শৰীৰৰ কৰোনা নমুনা পৰীক্ষা কৰা হৈছিল। ব্যাপক টীকাকৰণ অভিযানৰ অধীনত আজি পুৱা ৭ বজালৈ মুঠ কৰোনা টীকাকৰণ কৰা লোকৰ সংখ্যা ২২০,৬৭,০৯,২৮৬ জনলৈ বৃদ্ধি পাইছে। বিগত ২৪ ঘন্টাত ভাৰতত বুষ্টাৰ পালি ১৫ৰ পৰা ১৭ বছৰ বয়সৰ উপৰি ১২-১৪ বছৰৰ শিশুসকলকে ধৰি মুঠ ১,৬৯৫ জনক কৰোনা টীকা প্ৰদান কৰা হৈছে।