গুৱাহাটী- ভাৰতত কৰোনা ভাইৰাছৰ সংক্ৰমণ ক্ৰমে হ্রাস পাইছে। আজি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা লাভ কৰা তথ্যমতে ভাৰতত বিগত ২৪ ঘন্টাত কৰোনা ভাইৰাছত নতুনকৈ ৩১০ জন লোক আক্ৰান্ত হৈছে।

স্বাস্থ্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা লাভ কৰা তথ্য অনুসৰি আজি পুৱা ৮ বজালৈ ৪,৪৪,৫৩,৪৭৯ জন লোক সুস্থ হৈ উঠিছে। বিগত ২৪ ঘন্টাত ৫৭১ জন লোক সুস্থ হয়।

ইফালে ভাৰতত কৰোনা আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫,৩১,৮৬৬ জনলৈ বৃদ্ধি পাইছে। ভাৰতত সক্ৰিয় কৰোনা ৰোগীৰ সংখ্যা হৈছে ৪,৭০৯ জন। আনহাতে ভাৰতত কৰোনা ৰোগৰ পৰা ৪.৪৪ কোটিৰো অধিক আক্রান্তই আৰোগ্য লাভ কৰিছে। ভাৰতত কৰোনা আক্ৰান্তৰ পৰা আৰোগ্য লাভৰ হাৰ ৯৮.৮০ শতাংশ। আনহাতে বিগত ২৪ ঘণ্টাত, ভাৰতত ৪৪,৮১২ জনৰ শৰীৰৰ কৰোনা নমুনা পৰীক্ষা কৰা হৈছিল।

ইফালে ভাৰতত বৰ্তমানলৈকে ব্যাপক টীকাকৰণ অভিযানৰ অধীনত আজি পুৱা ৭ বজালৈ মুঠ কৰোনা টীকাকৰণ কৰা লোকৰ সংখ্যা ২২০,৬৭,০৭,৫৯১ জনলৈ বৃদ্ধি পাইছে। বিগত ২৪ ঘন্টাত দেশত বুষ্টাৰ পালি ১৫ৰ পৰা ১৭ বছৰ বয়সৰ উপৰি ১২-১৪ বছৰৰ শিশুসকলকে ধৰি মুঠ ৫০০ জনক কৰোনা টীকা প্ৰদান কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply