গুৱাহাটী- ভাৰতত কৰোনা সংক্ৰমণৰ ঘটনা ক্ৰমে হ্ৰাস পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা আজি লাভ কৰা তথ্যমতে ভাৰতত বিগত ২৪ ঘন্টাত কৰোনা ভাইৰাছত নতুনকৈ ৪২৫ জন লোক আক্ৰান্ত হৈছে।

স্বাস্থ্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা লাভ কৰা তথ্য অনুসৰি আজি পুৱা ৮ বজালৈ ৪,৪৪,৫২,২২৩ জন লোক সুস্থ হৈ উঠিছে। বিগত ২৪ ঘন্টাত ৮৭০ জন লোক সুস্থ হয়।

আনহাতে ভাৰতত কৰোনা ৰোগৰ পৰা ৪.৪৪ কোটিৰো অধিক আক্রান্তই আৰোগ্য লাভ কৰিছে। ভাৰতত কৰোনা আক্ৰান্তৰ পৰা আৰোগ্য লাভৰ হাৰ ৯৮.৮০ শতাংশ। ইফালে ভাৰতত কৰোনা ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫,৩১,৮৫৯ জনলৈ বৃদ্ধি পাইছে। ভাৰতত সক্ৰিয় কৰোনা ৰোগীৰ সংখ্যা হৈছে ৫,২৫৯ জন।

বিগত ২৪ ঘণ্টাত, ভাৰতত ১,১০,৮০৯ জনৰ শৰীৰৰ কৰোনা নমুনা পৰীক্ষা কৰা হৈছিল। ভাৰতত বৰ্তমানলৈকে ব্যাপক টীকাকৰণ অভিযানৰ অধীনত আজি পুৱা ৭ বজালৈ মুঠ কৰোনা টীকাকৰণ কৰা লোকৰ সংখ্যা ২২০,৬৭,০৫,৬১৮ জনলৈ বৃদ্ধি পাইছে। বিগত ২৪ ঘন্টাত দেশত বুষ্টাৰ পালি ১৫ৰ পৰা ১৭ বছৰ বয়সৰ উপৰি ১২-১৪ বছৰৰ শিশুসকলক ধৰি মুঠ ১,৩৬৬ জনক কৰোনা টীকা প্ৰদান কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply