গুৱাহাটী- ভাৰতত কৰোনা ভাইৰাছৰ সংক্রমণ ক্ৰমে হ্ৰাস পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা লাভ কৰা তথ্য মতে আজি ভাৰতত বিগত ২৪ ঘন্টাত কৰোনা ভাইৰাছত নতুনকৈ ৫৩৫ জন লোক আক্রান্ত হৈছে।
স্বাস্থ্য মন্ত্রণালয়ৰ তৰফৰ পৰা লাভ কৰা তথ্য মতে আজি পুৱা ৮ বজালৈ ৪,৪৪,৫০,৪০৪ জন লোক সুস্থ হৈ উঠিছে। বিগত ২৪ ঘন্টাত ৯৫৩ জন লোক সুস্থ হয়।
আনহাতে ভাৰতত কৰোনা ৰোগৰ পৰা ৪.৪৪ কোটিৰো অধিক আক্রান্তই আৰোগ্য লাভ কৰিছে। ভাৰতত কৰোনা আক্ৰান্তৰ পৰা আৰোগ্য লাভৰ হাৰ ৯৮.৮০ শতাংশ। ভাৰতত কৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫,৩১,৮৫৪ জন লৈ বৃদ্ধি পাইছে। ভাৰতত সক্ৰিয় কৰোনা ৰোগীৰ সংখ্যা হৈছে ৬,১৬৮ জন।