ৰাজ্যত ৰক্তহীনতাত আক্ৰান্ত শিশুৰ সংখ্যা প্ৰায় দুগুণ বৃদ্ধি
সমগ্ৰ ৰাজ্যৰ সকলো খণ্ডতেই সৰ্বাংগীণ উন্নতিৰ ঢাক-ঢোল বজাই অহা শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ আন এক বিফলতা প্ৰকাশ পালে বছৰটোৰ অন্তিম সময়ছোৱাত। দেশ অথবা ৰাজ্য এখনৰ ভেটিটো সবল হ’বলৈ সকলোতকৈ প্ৰয়োজনীয় দুটি খণ্ড হ’ল স্বাস্থ্য আৰু শিক্ষা।
যি সময়ত শিক্ষাই ভৱিষ্যত প্ৰজন্মটোক সুৰক্ষিত কৰে সেই সময়তেই স্বাস্থ্যই কেৱল ভৱিষ্যতেই নহয় বৰং বৰ্তমানৰ প্ৰজন্মটোৰো সুৰক্ষাৰ দ্বায়িত্ব গ্ৰহণ কৰে। আৰু এই কথা ভাৰতবৰ্ষই সাৱলীল ভাৱে বুজি উঠিছিল দুবছৰীয়া ক’ভিদ কালত।
তেনে সময়তেই কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ এক প্ৰতিবেদনে দাঙি ধৰিছে অসমৰ এক শোচনীয়া ছবি। এই প্ৰতিবেদন অনুসৰি ৰাজ্যত পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে ৰক্তহীনতাত আক্ৰান্ত শিশুৰ সংখ্যা। লক্ষণীয়ভাৱে যোৱা পাঁচ বছৰৰ ব্যৱধানত দেশৰ আন ৰাজ্য সমূহত ৰক্তহীনতাত আক্ৰান্ত শিশুৰ সংখ্যা হ্ৰাস পালেও অসমত প্ৰায় দুগুণ বৃদ্ধি পাইছে এই সংখ্যা।