নিউজ ডেস্ক – ১২ ৰ পৰা ১৪ লৈ বৃদ্ধি পাব বিটিআৰত অসম বিধানসভাৰ সমষ্টি সংখ্যা। কালি দেশৰ নিৰ্বাচন আয়োগে অসমত লোকসভা আৰু বিধানসভা সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ ঘোষণা কৰাৰ পিছতে বিটিআৰ এলেকাত সমষ্ট সংখ্যা ১২ ৰ পৰা আৰু দুখন বৃদ্ধি হৈ ১৪ খন হোৱাৰ সম্ভাৱনা আছে। কালি অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এই সন্দৰ্ভত কোকৰাঝাৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণে অসমত সমষ্টিৰ সংখ্যা বৃদ্ধি নকৰে যদিও বিটিআৰ এলেকাত দুটা সমষ্টি বৃদ্ধি হোৱাৰ সম্ভাৱনাই অধিক।
উল্লেখ্য যে ৰাজ্যত ১২৬ টা বিধানসভা সমষ্টিয়ে থাকিব আৰু ইয়াৰে অধিকাংশ সমষ্টিৰ নাম একেই থাকিব যদিও আন কিছুমান সমষ্টিৰ নাম বিলুপ্ত হ’ব৷ প্ৰশাসনিক জিলাৰ ভিতৰতে সমষ্টি গঠন কৰা হ’ব বুলি মন্তব্য কৰি বিশ্বজিৎ দৈমাৰীয়ে কয় যে নতুন সমষ্টিৰ নাম জনপ্ৰিয় ঠাই অথবা ইতিহাসপ্ৰসিদ্ধ স্থানৰ নামেৰে নামাকৰণ কৰা হ’ব ৷
সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত নতুন জিলা গঠন নহয় আৰু আন জিলাৰ সৈতে সংযোগো নহ’ব বুলি উল্লেখ কৰে বিশ্বজিৎ দৈমাৰীয়ে। জিলাৰ ভিতৰতে সমষ্টিবোৰ সম্পূৰ্ণ হ’ব লাগিব বুলি মন্তব্য কৰি অসম বিধানসভাৰ অধ্যক্ষগৰাকীয়ে কয় যে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ জনগাঁথনি অনুসৰি সমষ্টিসমূহ সংৰক্ষণ কৰা হ’ব৷
আনহাতে বিটিআৰত পূৰ্বতে মূল ১২ টা সমষ্টিৰ উপৰিও আন আৰু বহু সমষ্টি আংশিকভাৱে সোমাই আছিল যদিও এতিয়া জনসংখ্যা অনুপাতে বিটিআৰ এলেকাত ১৪ টা সমষ্টি হ’ব বুলি মন্তব্য কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ৷