গুৱাহাটী- ভাৰতত কৰোনা ভাইৰাছৰ সংক্ৰমণৰ সংখ্যা ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে। কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ তৰফৰ পৰা লাভ কৰা তথ্যমতে ভাৰতত বিগত ২৪ ঘন্টাত কৰোনা ভাইৰাছত নতুনকৈ ১২২৩ জন লোক আক্ৰান্ত হৈছে।
স্বাস্থ্য মন্ত্রণালয়ৰ তৰফৰ পৰা লাভ কৰা তথ্য অনুসৰি আজি পুৱা ৮ বজালৈ কৰোনা ভাইৰাছত ৪,৪৪,৩১,১৩৭ জন লোক সুস্থ হৈ উঠিছে। বিগত ২৪ ঘন্টাত ২,৭২০ জন লোক সুস্থ হৈ উঠিছে।
আনহাতে ভাৰতত কৰোনা ৰোগৰ পৰা ৪.৪৪ কোটিৰো অধিক আক্রান্তই আৰোগ্য লাভ কৰিছে। ভাৰতত কৰোনা আক্ৰান্তৰ পৰা আৰোগ্য লাভৰ হাৰ ৯৮.৭৮ শতাংশ।
উল্লেখ্য যে, ভাৰতত কৰোনা সংক্ৰমিত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫,৩১,৭৬৭ জনলৈ বৃদ্ধি পাইছে। সমগ্ৰ ভাৰতত সক্ৰিয় কৰোনা ৰোগীৰ সংখ্যা হৈছে ১৬,৪৯৮ জন।
বিগত ২৪ ঘণ্টাত সমগ্ৰ ভাৰতত ১,৪২,৬৯৫ জন ব্যক্তিৰ শৰীৰত কৰোনা নমুনা পৰীক্ষা কৰা হৈছিল। বিগত ২৪ ঘন্টাত দেশত বুষ্টাৰ পালি ১৫-১৭ বছৰ বয়সৰ উপৰি ১২-১৪ বছৰৰ শিশুক মুঠ ১,৬৩৬ জনক কৰোনা টীকা প্ৰদান কৰা হৈছে।