নিউজ ডেস্ক– ভাৰতত কৰোনা সংক্ৰমণৰ ঘটনা অব্যাহত আছে। আজি কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ তৰফৰ পৰা লাভ কৰা তথ্যমতে ভাৰতত বিগত ২৪ ঘন্টাত নতুনকৈ ১৫৮০ জন লোক কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। আৰু কৰোনাত ১৭ জন লোকৰ মৃত্যু তথ্য সন্নিবিষ্ট হৈছে।
স্বাস্থ্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা লাভ কৰা তথ্য অনুসৰি বিগত ২৪ ঘন্টাত ৩,১৬৭ জন লোক সুস্থ উঠিছে। আজি পুৱা ৮ বজালৈ মুঠ ৪,৪৪,২৮,৪১৭ জন লোক সুস্থ হৈ উঠিছে।
তথ্য অনুসৰি, ভাৰতত কৰোনা ৰোগৰ পৰা ৪.৪৪ কোটিৰো অধিক আক্রান্তই আৰোগ্য লাভ কৰিছে। সৰ্বমুঠ আৰোগ্য লাভৰ হাৰ হৈছে ৯৮.৭৭ শতাংশ৷ ভাৰতত কৰোনা সংক্ৰমিত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫,৩১,৭৫৩ জনলৈ বৃদ্ধি পাইছে। ভাৰতত সক্ৰিয় কৰোনা ৰোগীৰ সংখ্যা হৈছে ১৮,০০৯ জন।
যোৱা ২৪ ঘণ্টাত ভাৰতত ১,২৮,৭৬৪ জন ব্যক্তিৰ শৰীৰত কৰোনা নমুনা পৰীক্ষা কৰা হৈছিল। বিগত ২৪ ঘন্টাত ভাৰতত বুষ্টাৰ পালি ১৫-১৭ বছৰ বয়সৰ উপৰি ১২-১৪ বছৰৰ শিশুসকলক ধৰি মুঠ ১,৫৯৩ জনক কৰোনা টীকা প্ৰদান কৰা হৈছে।