গুৱাহাটী- ভাৰতত কৰোনা সংক্ৰমণৰ ঘটনা ক্ৰমে হ্রাস পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্রণালয়ৰ তৰফৰ পৰা লাভ কৰা তথ্যমতে ভাৰতত বিগত ২৪ ঘন্টাত কৰোনা ভাইৰাছত নতুনকৈ ৪০৫ জন লোক আক্ৰান্ত হৈছে।

স্বাস্থ্য মন্ত্রণালয়ৰ তৰফৰ পৰা লাভ কৰা তথ্য মতে আজি পুৱা ৮ বজালৈ ৪,৪৪,৪৮,৩৯২ জন লোক সুস্থ হৈ উঠিছে। বিগত ২৪ ঘন্টাত ৯২০ জন লোক সুস্থ হয়।

আনহাতে ভাৰতত কৰোনা ৰোগৰ পৰা ৪.৪৪ কোটিৰো অধিক আক্রান্তই আৰোগ্য লাভ কৰিছে। ভাৰতত কৰোনা আক্ৰান্তৰ পৰা আৰোগ্য লাভৰ হাৰ হৈছে ৯৮.৮০ শতাংশ। ইফালে ভাৰতত কৰোনা সংক্ৰমিত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫,৩১,৮৪৩ জন। ভাৰতত কৰোনা ৰোগীৰ সংখ্যা হৈছে ৭,১০২ জন। আনহাতে বিগত ২৪ ঘণ্টাত, ভাৰতত ১,০৮,৭২৬ জনৰ শৰীৰৰ কৰোনা নমুনা পৰীক্ষা কৰা হৈছিল।

ইফালে ভাৰতত বৰ্তমানলৈকে ব্যাপক টীকাকৰণ অভিযানৰ অধীনত আজি পুৱা ৭ বজালৈ মুঠ কৰোনা টীকাকৰণ কৰা লোকৰ সংখ্যা ২২০,৬৬,৯৯, ৮৪৩ জনলৈ বৃদ্ধি পাইছে। বিগত ২৪ ঘন্টাত দেশত বুষ্টাৰ পালি ১৫ৰ পৰা ১৭ বছৰ বয়সৰ উপৰি ১২-১৪ বছৰৰ শিশুসকলক ধৰি মুঠ ১,২৪৩ জনক কৰোনা টীকা প্ৰদান কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply