নিউজ ডেস্ক- ভাৰতত কৰোনা ভাইৰাছৰ ঘটনা অব্যাহত আছে। কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ তৰফৰ পৰা লাভ কৰা তথ্যমতে ভাৰতত বিগত ২৪ ঘন্টাত কৰোনা ভাইৰাছত নতুনকৈ ৪৭৩ জন লোক আক্ৰান্ত হৈছে।

স্বাস্থ্য মন্ত্রণালয়ৰ তৰফৰ পৰা লাভ কৰা তথ্যমতে আজি পুৱা ৮ বজালৈ ৪,৪৪,৪৭,৪৭২ জন ব্যক্তি সুস্থ হৈ উঠিছে। বিগত ২৪ ঘন্টাত ৯৫৮ জন লোক সুস্থ হৈ উঠে।

আনহাতে ভাৰতত কৰোনা ৰোগৰ পৰা আৰোগ্য লাভ কৰিছে ৪.৪৪ কোটিৰো অধিক আক্রান্তই। ভাৰতত কৰোনা আক্ৰান্তৰ পৰা আৰোগ্য লাভৰ হাৰ হৈছে ৯৮.৮০ শতাংশ।

ইফালে ভাৰতত কৰোনা সংক্ৰমিত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫,৩১,৮৩৯ জনলৈ বৃদ্ধি পাইছে।  ভাৰতত কৰোনা ৰোগীৰ সংখ্যা হৈছে ৭,৬২৩ জন।

বিগত ২৪ ঘণ্টাত, ভাৰতত ৫১,২৭৪ জনৰ শৰীৰৰ কৰোনা নমুনা পৰীক্ষা কৰা হৈছে। ইফালে দেশত বৰ্তমানলৈকে ব্যাপক টীকাকৰণ অভিযানৰ অধীনত আজি পুৱা ৭ বজালৈ মুঠ কৰোনা টীকাকৰণ কৰা লোকৰ সংখ্যা ২২০,৬৬,৯৮,৬০০ জনলৈ বৃদ্ধি পাইছে। বিগত ২৪ ঘন্টাত দেশত বুষ্টাৰ পালি ১৫ৰ পৰা ১৭ বছৰ বয়সৰ উপৰি ১২-১৪ বছৰৰ শিশুসকলকে ধৰি মুঠ ৪৬৮ জনক কৰোনা টীকা প্ৰদান কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply