নিউজ ডেস্ক: ভাৰতত যোৱা ২৪ ঘণ্টাত ৭,৬৩৩ জন লোকক কোভিড প’জিটিভ হিচাপে চিনাক্ত কৰা হৈছে বুলি কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনাই।
তেনে ক্ষেত্ৰত ভাৰতবৰ্ষত সৰ্বমুঠ বৰ্তমান ৬১,২৩৩ জন লোকক কোভিডত আক্ৰান্ত হৈ আছে।
মন্ত্ৰালয়টোৱে জনোৱা অনুসৰি, কোভিড প্ৰতিদিনে আক্ৰান্ত হাৰ অনুসৰি ৩.৬২% আৰু সপ্তাহিক ভাৱে ৫.০৪% কৈ বৃদ্ধি পাইছে কোভিড ৰোগীৰ সংখ্যা।
ইফালে, যোৱা ২৪ ঘণ্টাত ৬,৭০২ জন লোক কোভিডৰ পৰা নিৰোগী হৈ উঠিছে যাৰ ফলত ভাৰতত বৰ্তমান কোভিডৰ পৰা নিৰোগী হৈ উঠা লোকৰ সংখ্যা মুঠ ৪,৪২,৪২,৪৭৪ জন।
মন্ত্ৰালয়ৰ তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত ২,১১,০২৯ জন লোকক কোভিড পৰীক্ষা কৰাৰ বিপৰীতে মুঠ ৭৪৯ জন লোকক কোভিড ভেকছিন প্ৰদান ৰা হৈছে।
লগতে পঢ়ক – NIA ৰ গোচৰত স্থায়ী জামিন মঞ্জুৰ অখিল গগৈক