স্থান সলনি হ’ব ৰাজভৱনৰ। খাৰঘুলিত নতুনকৈ ৰাজ্যপালৰ বাবে নিৰ্মাণ কৰা হ’ব ‘ৰাজ নিবাস’। আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই খাৰঘুলিত ৰাজ্যপালৰ বাবে এই নতুন ভৱনৰ শিলান্যাস কৰিব।
৩৬ মাহত সম্পূৰ্ণ হ’ব নতুনকৈ নিৰ্মাণ কৰিবলগীয়া ‘ৰাজ নিবাস’ । আৰু ইয়াৰ বাবে ৰাজ্য চৰকাৰে ব্যয় কৰিব মুঠ ৪১ কোটি ৩২ লাখ ৫১ হাজাৰ টকা।
জানিব পৰা মতে, নতুনকৈ নিৰ্মাণ কৰিবলগীয়া এই ৰাজ নিবাসে সামৰি ল’ব ৯৬৩১ বৰ্গমিটাৰ ভূমি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যপাল জগদীশ মুখী আৰু অন্যান্য মন্ত্ৰীৰ উপস্থিতিত আজি শিলান্যাসৰ লগতে ভূমি পূজনো সম্পন্ন হ’ব।
অত্যাধুনিক সা-সুবিধা আৰু প্ৰযুক্তিৰ ব্যৱহাৰেৰে নিৰ্মাণ কৰিবলৈ লোৱা এই ৰাজ নিবাসৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ লগে লগে ৰাজ্যপালৰ চৰকাৰী বাসভৱন ৰাজভৱনৰ পৰা ৰাজ নিবাসলৈ স্থানান্তৰ কৰা হ’ব।