নিউজ ডেস্ক: এইবাৰ উৎকোচ লৈ হাত দাঙিলে আৰক্ষী বিষয়াই । খাকী পোছাকত দাগ লগাই চৰ্চালৈ আহিছে বিলাসীপাৰা থানা। মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত ৬ হাজাৰ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল বিলাসীপাৰা থানাৰ আৰক্ষী উপ-পৰিদৰ্শক দেওৱান ৰহিজুদ্দিন আহমেদ আৰু প্ৰাক্তন গৃহৰক্ষী জোৱান সমেৰ আলী শ্বেখ ।

উল্লেখ্য যে, বিলাসীপাৰা থানাৰ Case No. ২৯৩/২২ U/s ৩৭৬/৪২০/৫০৬/৩৪ IPC ৰ গোচৰটোৰ কেছ ডায়েৰী গুৱাহাটী উচ্চ ন্যায়ালয়লৈ প্ৰেৰণৰ নামত অভিযুক্তৰ পৰা ৬ হাজাৰ টকা উৎকোচ বিচাৰিছিল বিলাসীপাৰা থানাৰ উপ পৰিদৰ্শক দেওৱান ৰহিজুদ্দিন আহমেদে।
তাৰ পিচতেই মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাই বিলাসীপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰে উপ-পৰিদৰ্শক গৰাকী আৰু গৃহৰক্ষী জোৱানগৰাকীক।