গুৱাহাটী উচ্চ ন্যায়ালয়ত প্লেটিনাম জয়ন্তী অনুস্থান অনুস্থিত হৈ আছে । ৫ এপ্ৰিলৰ পৰা অনুস্থিত হোৱা এই প্লেটিনাম জয়ন্তীত প্ৰথমদিনা কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজু, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,  ৰাজ্যৰ আইন মন্ত্ৰী ৰঞ্জিত দাস আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। ডাক বিভাগে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ছবি সন্নিবিষ্ট এক ডাক টিকতো প্ৰথম দিনাই মুকলি কৰে।

প্লেটিনাম জয়ন্তীৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে আৰু সেই দিনাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা ন্যায়ধীশ সকলক সম্বোৰ্ধনা জনোৱা হয়। লগতে অৱসৰপ্ৰাপ্ত ন্যায়ধীশ বিপ্লৱ কুমাৰ শৰ্মা,  অজিত সিং,  উচ্চতম ন্যায়ালয়ৰ প্ৰথম গৰাকী অসমীয়া ন্যায়ধীশ মুকুন্দকাম শৰ্মা আদিকে ধৰি বহু প্ৰাক্তন ন্যায়ধীশ এই অনুষ্ঠানত উপস্থিত আছিল।

আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্লেটিনাম জয়ন্তীৰ এই অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূয়ে অংশগ্ৰহণ কৰিব। লগতে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশ ডি ৱাই চন্দ্ৰচূড় উপস্থিত থাকিব।

আনহাতে, অহাকালিলৈ প্ৰথম পৰ্যায়ত প্লেটিনাম জয়ন্তী অন্ত পৰিব যদিও আনুষ্ঠানিকভাৱে ১৪ এপ্ৰিলতহে সামৰণি পৰিব। এই সামৰণি অনুস্থান কলাক্ষেত্ৰত অনুষ্ঠিত হব আৰু  উক্ত সামৰণি অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অংশগ্ৰহণ কৰিব ল’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply