নিউজ ডেস্ক- সমগ্ৰ দেশতে আজিৰ পৰা হ্ৰাস কৰা হৈছে বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য।
বৃহৎ সংখ্যক ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাবে সকাহ স্বৰূপে মে’ মাহৰ প্ৰথম দিনাৰ পৰা কাৰ্যকৰী হোৱাকৈ বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য ১৭১.৫০ টকা হ্ৰাস কৰা হৈছে।
ভাৰতীয় তেল নিগমৰ প্ৰতিবেদন অনুসৰি এই মূল্য হ্ৰাসৰ পিছত প্ৰতিটো বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য দিল্লীত ১৮৫৬.৫০ টকা, মুম্বাইত ১৮০৮.৫০ টকা আৰু চেন্নাইত ২০২১.৫০ টকাকৈ এটা বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ ব্যয় হৈছে।
উল্লেখ্য যে, ৰাজ্যৰ সমৰ্থিত তেল বিপণন কোম্পানীসমূহে ইয়াৰ পূৰ্বে প্ৰথম এপ্ৰিলত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৯১.৫০ টকা হ্ৰাস কৰিছিল। ইয়াৰ ফলত মাৰ্চ মাহত প্ৰতি ইউনিট বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৩৫০.৫০ টকা বৃদ্ধি পোৱাৰ পিছত এটা বাণিজ্যিক চিলিণ্ডাৰৰ প্ৰতি ইউনিটত মুঠ ২৬৩ টকা হ্ৰাস পায়।