নিউজ ডেস্ক: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেট্ৰ’কেমিকেল ৰপ্তানিৰ অংশ হিচাপে অসমৰ পৰা বাংলাদেশলৈ প্ৰথম মিথানল প্ৰেৰণৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰিছে।
ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা এটা টুইটৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে কয়, “মুখ্য ঔদ্যোগিক বিকাশে অসম আৰু সমগ্ৰ উত্তৰ-পূব ভাৰতৰ পেট্ৰ’কেমিকেল খণ্ডক উৎসাহিত কৰিব।” অসমক পেট্ৰ’কেমিকেলৰ এক মুখ্য ৰপ্তানিকর্তা হিচাপে প্ৰতিষ্ঠা কৰাৰ দিশত এক ডাঙৰ প্ৰচেষ্টাত অংশ হিচাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১ জুলাইত এই প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে। উল্লেখ্য যে প্রধানমন্ত্রী মোদীয়ে বিগত ১৪ এপ্ৰিলত গুৱাহাটীৰ পৰা ভার্চুৱেলী এই প্ৰকল্পৰ উদ্বোধন কৰিছিল।